Breaking

বিশ্বত্ৰাস মহামাৰী ক’ৰণা আৰু ইয়াৰ সংক্ৰমণ



বিজ্ঞানৰ গৱেষণাই গগণচুম্বী সফলতা লাভ কৰিলেও প্ৰকৃতিৰ সৃষ্টিৰ সকলো ৰহস্য ভেদিবলৈ এতিয়াও অক্ষম৷ সময়ে সময়ে মানৱ জাতিয়ে প্ৰকৃতিৰ ওচৰত পৰাজয় বৰণ কৰাটোৱে তাকেই প্ৰমান কৰি আহিছে৷ লাগিলে সেয়া প্ৰাকৃতিক দুৰ্যোগ হওক বা মহামাৰী৷ বৰ্তমান সময়ত ক’ৰণা মহামাৰীৰ বিধংসী ৰূপৰ ওচৰত সমগ্ৰ বিশ্ব কম্পমান৷ যিটো সময়ত বিশ্বৰ আগশাৰীৰ দেশসমূহৰ মাজত  পাৰমাণৱিক অস্ত্ৰ, বিজ্ঞান, প্ৰযুক্তি, সামৰিক শক্তি আৰু অৰ্থনীতিক লৈ একো একোখন অঘোষিত প্ৰতিযোগিতা চলি থাকে তেনে সময়তে ক’ৰণাৰ ওচৰত সকলোৱে আত্মসমৰ্পন কৰিছে৷ এই মূহূৰ্তত যুদ্ধখন হৈছে গৈ সমগ্ৰ মানৱ জাতি আৰু মহামাৰী কৰ’নাৰ মাজত৷ বিশ্ব স্বাহ্য সংস্হাৰ অধীনত পৃথিৱীৰ আগশাৰীৰ বিজ্ঞানী সকলে গৱেষণা কৰি আছে যদিও এতিয়ালৈকে এই মহামাৰীৰ কোনো স্হায়ী সমাধান উলিয়াবলৈ সক্ষম হোৱা নাই৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে পাৰমানৱিক অস্ত্ৰৰে সজ্জিত দেশ, যিয়ে সমগ্ৰ বিশ্বকে সকলো ক্ষেত্ৰতে নেতৃত্ব দি আহিছে, যাৰ ভয়ত সকলো দেশ ম্ৰিয়মান হৈ থাকে সেইখন দেশতেই বৰ্তমান চীন আৰু ইটালীক অতিক্ৰম কৰি ক’ৰণা মহামাৰীয়ে আটাইতকৈ বেছি ভয়াবহৰূপ ধাৰণ কৰিছে৷ এই প্ৰৱন্ধটি লিখা পৰলৈকে সমগ্ৰ বিশ্বত মৃতকৰ সংখ্যা প্ৰায় ১,১৯,০০০ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত মৃতকৰ সংখ্যা  প্ৰায় ২৫, ০০০  অতিক্ৰম কৰিছে৷

চীনৰ ইউহানৰ পৰা আৰম্ভ কৰি আমেৰিকাৰ নিউইয়ৰ্ককো মৃত্যু উপত্যকালৈ পৰ্য্যৱসিত কৰা সবত্ৰ চৰ্চিত এই ভাইৰাছ বিধক “ নোভেল ক’ৰণা ভাইৰাছ” বুলি নামাকৰন কৰা হৈছে৷  ক’ৰণা ভাইৰাছ সম্পৰ্কে সবিশেষ জানিবলৈ হ’লে আমি প্ৰথমতে “ভাইৰাছ” কি এই বিষয়ে আমাৰ সম্যক জ্ঞান থকাটো প্ৰয়োজন৷ আমি সকলোৱে জানো যে, পৃথিৱীত উপলব্ধ জীৱসমগ্ৰক ইহতৰ আকাৰ, আকৃতি, বৈশিষ্ট্য ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ভাগত ভগোৱা হৈছে৷  ইয়াত জীৱ বুলি কওতে আমি চকুৰে মনিব নোৱাৰা বেমাৰ সৃষ্টিকাৰী ভাইৰাছ, বেক্টেৰিয়া, আমি ঘৰত আনি থোৱা পাওঁৰুটী পুৰণি হ’লে তাত সৃষ্টি হোৱা হালধীয়া, সেউজীয়া তৰপ যাক ভেকুঁৰ বুলি কোৱা হয়, শেলাই, লতা,বৃক্ষ, সাগৰ তলীৰ ৰসহ্যময় আকৃতি সমূহকে ভিতৰ কৰি মানুহৰ পেটত পোৱা কৃমি, আমি দেখি থকা পোক পৰুৱা, পখিলা, চৰাই চিৰিকতি, জন্তুসমূহ, জীৱশ্ৰেষ্ঠ মানুহলৈকে সকলোকে জীৱ বুলি ধৰা হয়৷  “জীৱ”ৰ কোনো অৰ্থব্যঞ্জক আৰু স্পষ্ট সূত্ৰ পোৱা নাযায়৷ আচলতে “জীৱ” শব্দতো এটা গুণবাচক শব্দহে ৷ এই শব্দটোৱে জীৱিত পদাৰ্থৰ কিছুমান বিশেষ গুণ বা লক্ষণ বুজায় -যিবোৰে জড় বা নিৰ্জীৱ পদাৰ্থত দেখা নাযায়৷

ভাইৰাছ কি?

ভাইৰাছ-শব্দটোৰ অৰ্থ হৈছে বিষ৷ ই এটা লেটিন শব্দ৷
জীৱবিজ্ঞানী সকলে ৪৫০ কোটি বছৰৰ আগত পৃথিৱীৰ আদিম অৱস্হাত ৰাসায়নিক বিৱৰ্তনৰ ফলত সৃষ্টি হোৱা প্ৰথম জৈৱ ৰাসায়নিক কণিকাৰ ৰূপৰ লগত ভাইৰাছক তুলনা কৰিছে৷ তেওলোকৰ অনুমানমতে এনেধৰনৰ কণিকাৰ পৰাই ক্ৰমবিৱৰ্তনৰ ফলত পিচলৈ জীৱকোষৰ সৃষ্টি হৈছিল৷ কিন্তু  কোনো এক অজানিত কাৰনত তেনে ধৰনৰ কণিকা বিৱৰ্তন প্ৰক্ৰিয়াত অংশগ্ৰহন নকৰাকৈ আদিম অৱস্থাতেই থাকি গ’ল৷ ভাইৰাছ সমূহ চকুৰে মণিব নোৱাৰা জীৱাণু৷ ইহতে বিভিন্ন উদ্ভিদ তথা প্ৰানীৰ দেহত ৰোগৰ সৃষ্টি কৰে৷ ভাইৰাছৰ আৱিষ্কাৰক হ’ল - ইভানওস্কি৷ তেখেতে ধপাতৰ পাতৰ ৰোগ সম্বন্ধে বিভিন্ন পৰীক্ষাৰ অন্তত “মোযেইক ভাইৰাছ” আৱিষ্কাৰ কৰিছিল৷  ইহত বেক্টেৰিয়াৰ পৰা পৃথক আৰু বেক্টেৰিয়াতকৈ যথেষ্ট সৰু৷ এটা সাধাৰন ভাইৰাছৰ ব্যাস হৈছে  ২০ ৰ পৰা ৩০০ নেন’মিটাৰ(১ নেন’মিটাৰ=১/১০০০০০০০০০ মিটাৰ) ৷  জীৱবিজ্ঞানী সকলৰ মতে প্ৰতি মূহূৰ্তৰ পৃথিৱীত উপৰিভাগত থকা ভাইৰাছৰ সংখ্যা সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো নক্ষত্ৰৰ সংখ্যাতকৈ দহ লাখ গুন বেছি৷

জীৱজগতত ভাইৰাছৰ সম্পৰ্কে অতীজৰে পৰা বহুতো মতবাদ চলি আছে৷ কাৰন ই এক কোষবিহীন বস্তু৷ অন্যহাতে আমি জানো যে সকলো জীৱৰে দেহ কোষেৰে গঠিত৷
এতিয়া প্ৰশ্ন হ’ব পাৰে যে কোষবিহীন হয় যদি জীৱৰ শাৰীত কেনেকৈ পৰিল--ভাইৰাছৰ দেহটো সাধাৰনতে তিনিটা অংশৰে গঠিত ,
১) এটা প্ৰটিনৰ খোলা বা Capsid যিয়ে ভিতৰৰ পদাৰ্থ খিনিক সুৰক্ষা প্ৰদান কৰে৷
২) এটা নিউক্লিক এছিড- DNA বা RNA, ই খোলাটোৰ ভিতৰত অৱস্হিত৷ যাক আনুবংশিক পদাৰ্থ বুলিও কোৱা হয়৷
৩) আৰু এটা বাহিৰৰ আৱৰণ বা Envelope যিয়ে নিউক্লিক এছিড আৰু খোলোটোক সুৰক্ষা প্ৰদান কৰে৷

ভাইৰাছৰ দেহত থকা ৰাসায়নিক পদাৰ্থ খিনি সাধাৰণতে নিষ্ক্ৰিয় অৱস্হাত থাকে যেতিয়ালৈকে ই কোনো জীৱিত কোষৰ সংস্পৰ্শলৈ নাহে৷ জীৱিত কোষৰ সংস্পৰ্শলৈ অহাৰ লগে লগে ই সক্ৰিয় হৈ পৰে আৰু বংশবৃ্দ্ধি কৰিবলৈ আৰম্ভ কৰে৷ লগতে আক্ৰমণ কৰা কোষটোক যিটোক আমি পোষক কোষ বুলিও কও ইয়াক ভাইৰাছ উৎপাদনকাৰী “কাৰখানা”লৈ ৰূপান্তৰিত কৰে৷  ভাইৰাছৰ এই বৈশিষ্ট্যৰ বাবেই “জীৱ আৰু জড়ৰ মাজৰ অৱস্হা বুলি কোৱা হয়৷ ইংৰজীত যাক কোৱা হয় “Dawn of Life”৷  এই ভাইৰাছ সমূহৰ  শীত, তাপ  আৰু সূৰ্য্যৰ  পোহৰৰ লগতে লোণ, এছিড, খাৰ আৰু এন্টিবায়টিক বা প্ৰতিজৈৱিক সহ্য কৰিব পৰা ক্ষমতাও আছে৷ ইহতৰ অভিযোজন(Adaptation), প্ৰকাৰণ (Variation)ৰ লগতে সংক্ৰমণ ক্ষমতা অতি বেছি৷

ক’ৰণা ভাইৰাছ :

বৰ্তমান সমগ্ৰ বিশ্বতে কালৰূপ ধাৰণ কৰা ক’ৰণা ভাইৰাছ বিধক SARS Covid-2 নামকৰন কৰা  হৈছে৷  ইয়াক প্ৰথমতে Noval Corona Virus বুলিও কোৱা হৈছিল৷ এই ভাইৰাছবিধ “ক’ৰণা ভাইৰাছ” শ্ৰেনীৰ অন্তৰ্ভূক্ত৷ ক’ৰণা’ নামাকৰণৰ মূলতে হ’ল এই ভাইৰাছবিধৰ দেহৰ আৱৰণ খনৰ বাহিৰত লাগি থকা মুকুট (Corona) সদৃশ প্ৰবৰ্দ্ধ বা বহি: বৃদ্ধি বা দণ্ড বিলাক৷ জীৱ বিজ্ঞানৰ ছাত্ৰী হিচাপে এই ক’ৰণা ভাইৰাছৰ বিষয়ে আমি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষতে চমুকৈ পঢ়িবলৈ পাইছিলো৷ এই ভাইৰাছবিধে প্ৰধানত: শ্বাস প্ৰশ্বাসজনিত ৰোগৰ সৃষ্টি কৰে৷ SARS মানে হ’ল -Severe Acute Respiratory Syndrome৷ SARS Covid- 2 য়ে প্ৰধানত  এক ধৰনৰ দ্ৰুত ভাইৰাছজনিত সংক্ৰমণৰ সৃষ্টি কৰিছে যিয়ে প্ৰাৰম্ভিক অৱস্হাত ডিঙি আৰু পিছলৈ হাওঁফাওঁত আক্ৰমন কৰে৷

সংক্ৰমণ :

আমি আগতে কৈ অহাৰ দৰে এই ভাইৰাছ বিধে প্ৰজনন বা বংশবৃদ্ধি কৰিবলৈ হ’লে কোনো জীৱিত কোষৰ সংস্পৰ্শলৈ অহাতো প্ৰয়োজন৷ ই কেনেধৰনৰ নতুন ভাইৰাছ সৃষ্টি কৰিব সেয়া ইহতৰ খোলাৰ ভিতৰত থকা আনুবংশিক পদাৰ্থ, ক’ৰণাৰ ক্ষেত্ৰত RNA ত লিপিবদ্ধ হৈ থাকে৷  ভাইৰাছবিধ এজন মানুহৰ পৰা আনজনলৈ সংক্ৰমণৰ সময়ত বাহিৰৰ প্ৰটিনৰ খোলাটোৱে ভিতৰৰ আনুবংশিক পদাৰ্থখিনি(RNA) যাতে কোনো কাৰনতে নষ্ট হৈ নাযায় তাৰ বাবে সুৰক্ষা প্ৰদান কৰে৷ জীৱিত কোষৰ সংস্পৰ্শলৈ আহিলে “ভাইৰাছ”টোৰ একেবাৰে বাহিৰৰ আৱৰণখন “জীৱকোষ”টোৰ বাহিৰৰ আৱৰণখনৰ লগত মিলি যায়৷ ভাইৰাছটোৰ দেহৰ বাহিৰফালে থকা আৱৰণত লাগি থকা প্ৰবৰ্দ্ধ বা spike সমূহ প্ৰটিনৰ দ্বাৰা গঠিত৷  যিকোনো ইনফ্লুয়েনঞ্জা ভাইৰছতো এই সমূহ দেখা যায়৷ ভাইৰাছটো মানুহৰ শৰীৰত প্ৰৱেশ কৰাৰ পাছত যিকোনো জীৱকোষত প্ৰৱেশ কৰিবলৈ এই প্ৰবৰ্দ্ধ সমূহে চাবি(Key) ৰ দৰে কাম কৰে৷ প্ৰবৰ্দ্ধসমূহৰ সহায়ত আমাৰ শৰীৰৰ যিকোনো জীৱ কোষত প্ৰৱেশ কৰাৰ পাছতে সেই “বিশেষ” কোষটোৰ সকলো আভ্যন্তৰীণ কাৰ্য্যকলাপ ই বলপূৰ্বক কব্জা কৰি লয় বা নিজৰ নিয়ন্ত্ৰণলৈ আনে যাক অন্য ভাষাত Hijack বুলি ক’ব পাৰি৷  উৰাজাহাজ এখন সন্ত্ৰাসবাদী কিছুমানে Hijack কৰি লৈ তেওলোকৰ নিজ ইচ্ছামতে যাত্ৰী সকলৰ পৰা কাম আদায় কৰাৰ লেখীয়াকৈ জীৱ “কোষ”টোক  যাক আমি পোষক কোষ(Host Cell) বুলিও ক’ব পাৰো, ভাইৰছটোৱে নিজৰ প্ৰতিলিপি নতুন নতুন ভাইৰাছ সৃষ্টি কৰিবলৈ বাধ্য কৰায়৷ যেতিয়া এজন আক্ৰান্ত মানুহে কথা কয়, হাচিঁয়াই বা কাহে তেতিয়া  সৰু সৰু টোপাল সমূহ আহি ওচৰতে থকা অন্য ব্যক্তিৰ মুখ, নাক বা চকুত পৰিব পাৰে আৰু ই ক্ৰমান্বয়ে হাওঁফাওঁলৈ গতি কৰিব৷ এবাৰ শৰীৰত প্ৰৱেশ কৰাৰ পাছতেই ই আমাৰ শৰীৰৰ ডিঙি , নাক বা হাওফাওত জীৱিত কোষৰ সংস্পৰ্শলৈ লৈ আহে৷ আমি জানো যে আমাৰ দেহটো অসংখ্য কোষেৰে গঠিত, প্ৰতিটো কোষ একোখন কোষ আৱৰণে সুৰক্ষিত হৈ থাকে৷  এই কোষাবৰণৰ বাহিৰত কিছুমান সংগ্ৰাহী অনু থাকে৷ যেতিয়া ক’ৰণা ভাইৰাছৰ দেহৰ বাহিৰফালে থকা প্ৰবৰ্দ্ধসমূহ সংগ্ৰাহী অণুৰ সংস্পৰ্শলৈ আহে তেতিয়া ই তলা(Lock)ৰ ভিতৰত চাবিৰ দৰে কাম কৰে৷ এই সংগ্ৰাহী অণু(Receptor Molecule) ৰ জৰিয়তে কোষটোৰ ভিতৰত সোমাই পৰে৷ আমাৰ শৰীৰৰ কোষৰ কোষাৱৰণে তাক এটা মোনাৰ আকাৰত(sac) ভিতৰত সোমায় লয় আৰু কোষটোৰ কোষকেন্দ্ৰলৈ কঢ়িয়াই লৈ যায়৷ কোষকেন্দ্ৰটো হৈছে  কোষটোৰ মগজু সদৃশ৷ ই কোষটোৰ সকলো ক্ৰিয়াকলাপ নিয়ন্ত্ৰণ কৰে আৰু ইয়াতেই কোষটোৰ আনুবংশিক পদাৰ্থও সঞ্চিত হৈ থাকে৷  কোষাৱৰণৰ পৰা সৃষ্টি হোৱা মোনা সদৃশ অংশ ই ভাইৰাছটোক কোষকেন্দ্ৰৰ ওচৰলৈ লৈ আহোতে ভাইৰাছটোৰ দেহৰ বাহিৰৰ আৱৰণখনৰ লগত মোনাখন মিলি যায় আৰু কোষকেন্দ্ৰটোৰ ভিতৰত ভাইৰাছৰ আনুবংশিক পদাৰ্থ সোমায় পৰে৷ আগতে কোৱাৰ দৰে এই আনুবংশিক পদাৰ্থখিনিক বলপূৰ্বকভাৱে হাজাৰ হাজাৰ নতুন ভাইৰাছ সৃষ্টি কৰিবলৈ নিৰ্দেশ দিয়ে৷ কোষকেন্দ্ৰৰ পৰা কিছুসংখ্যক অনুবংশিক পদাৰ্থ ওলাই আহে আৰু পোষক কোষটোৰ  অংগানু “ৰাইব’জম” , যাক প্ৰটিন সৃষ্টিকাৰী কাৰখানা বুলিও কোৱা হয়, তাত লাগি ধৰে৷ ৰাইব’জমক হাইজেক কৰাৰ পিছত ই ভাইৰাছৰ ইচ্ছা অনুসৰি ভাইৰেল প্ৰটিন, বিশেষকৈ spike প্ৰটিন সৃষ্টি কৰে৷ কোষটোৰ এক বিশেষ গঠনৰ জৰিয়তে এই Spike প্ৰটিন, কিছুমান মোনাত(Sac) ৰাইব’জমৰ পৰা ওলাই আহে আৰু কোষটোৰ বহিঃআৱৰণৰ লগত মিলিত হয়৷ নতুন ভাইৰাছ এটা সৃষ্টি কৰিবলৈ যিখিনি পদাৰ্থৰ প্ৰয়োজন গোটেইখিনি আহি কোষৰ আৱৰণৰ তলতে জমা হৈ থাকে আৰু এটা নতুন ভাইৰাছ হিচাপে কোষটোৰ আৱৰণখনৰ বাহিৰলৈ লাহে লাহে ওলাই আহে৷

এই ভাইৰাছে কিদৰে শ্বাসজনিত অসুবিধা বা নিউমোনিয়াৰ সৃষ্টি কৰে :

এই সম্বন্ধে জানিবলৈ হ’লে আমাৰ প্ৰথমতে মানুহৰ  শ্বাসযন্ত্ৰ অৰ্থাৎ হাওফাওৰ বিষয়ে সম্যক জ্ঞান থকাটো বাঞ্ছনীয়৷ মানুহৰ শ্বাসযন্ত্ৰ অৰ্থাৎ হাওঁফাওঁ দুটা৷ প্ৰতিটো হাওঁফাওঁ বিভিন্ন পিণ্ডত বিভক্ত৷
আমি যেতিয়া উশাহত  বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰো তেতিয়া ই মুক্তভাৱে নাকেৰে প্ৰৱেশ কৰি ট্ৰেকিয়া(Trachea) বা শ্বাঁসনলীলৈ যায়৷ শ্বাঁসনলীডাল আমাৰ ডিঙিৰ তলফালে বুকুৰ  আৰম্ভনিতে দুটা নলীত বিভক্ত হয় ইয়াক ব্ৰংকাই(Brochi) বুলি কোৱা হয়৷ ব্ৰংকাই দুডাল আমাৰ বক্ষৰ দুয়োপিনে অৰ্থাৎ সোঁ আৰু বাওঁ পিনে থকা হাওঁফাওঁ দুটাত প্ৰৱেশ কৰে৷ য’ত এই ব্ৰংকাই দুডাল পুনৰ কিছুমান সৰু নলীত বিভক্ত হয় যাক ব্ৰংকিঅল(Brochiole) বুলি কোৱা হয়৷ ব্ৰংকিঅলবোৰ পুনৰ সৰু সৰু নলীকাত বিভক্ত হয় আৰু অৱেশেষত হাওঁফাওঁৰ সৰু সৰু মোনা(Sac) ত সোমায় পৰে যাক “বায়ুমোনা” বা Alveoli বুলি কোৱা হয়৷ বায়ু চলাচলৰ গোটেই পথটো স্পঞ্জৰ দৰে আৰু নমনীয় গুনসম্পন্ন৷ বায়ু হাওঁফাওঁত প্ৰৱেশ কৰাৰ পাছত বায়ুথলীত পায়গৈ আৰু প্ৰতিটো বায়ুথলী সৰু বেলুন এটাৰ দৰে ওফন্দি উঠে আৰু যেতিয়া নিশাহত বায়ু এৰি দিও তেতিয়া কোচ খাই পৰে৷  প্ৰতিটো বায়ুমোনা কিছুমান অতি সূক্ষ্ম ৰক্তকৈশিকাৰে(ৰক্তবাহী নলী) আৱৰি থাকে৷ বায়ুথলীত জমা হোৱা অক্সিজেন ৰক্তকৈশিকাৰে শৰীৰৰ বিভিন্ন অংশলৈ গুচি যায় আৰু শৰীৰৰ বিভিন্ন অংশত সৃষ্টি হোৱা কাৰ্বন ডাই অক্সাইড এই ৰক্তকৈশিকাৰে আহি বায়ুথলীত জমা হয় আৰু নিশাহত নাকেৰে বাহিৰলৈ ওলায় যায়৷ এই প্ৰক্ৰিয়াত আমাৰ শ্বাঁসপথ অৰ্থাৎ শ্বাঁসনলী, ব্ৰংকাই আৰু ব্ৰংকিঅলত থকা আৱৰণ বিভিন্ন বীজাণুৰ সংস্পৰ্শলৈ আহে৷ এজন সূস্থ মানুহৰ শ্বাঁসপথৰ আৱৰণত কিছুমান চুলি(চিলিয়া) সদৃশ অংশ থাকে আৰু ই মিউকাছ বা শ্লেষ্মাজাতীয় এক বিজলুৱা পদাৰ্থৰে জৰিয়তে বীজাণু সমূহক শৰীৰৰ বাহিৰলৈ উলিয়াই  দিয়ে৷ আমাৰ পানীলগা হ’লে বা কাহ হ’লে নাকেৰে বা মুখেৰে এনেদৰেই বীজলুৱা পদাৰ্থ নিৰ্গত হয়৷

স্বাভাৱিকতে আমাৰ শৰীৰত থকা প্ৰতিৰক্ষা ব্যৱস্হাই ভাইৰাছ বা অন্যান্য বীজাণুক আক্ৰমণ কৰে আৰু দেহৰ বাহিৰলৈ উলিয়াই দি শৰীৰক আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা কৰে৷ ক’ৰণা ভাইৰাছৰ ক্ষেত্ৰত, যদিহে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা দুৰ্বল হয়, তেনেহ’লে ই আমাৰ প্ৰতিৰক্ষা ব্যৱস্হাক পৰাজিত কৰে৷ ফলস্বৰূপে, ভাইৰাছ আৰু প্ৰতিৰক্ষা ব্যৱস্হাৰ মাজত তুমুল সংঘৰ্ষ সংঘটিত হয়৷ ভাইৰাছক পৰাজিত কৰিবলৈ প্ৰতিৰক্ষা ব্যৱস্হাই বেছি পৰিমাণৰ মিউকাছ সৃষ্টি কৰে আৰু বায়ুমোনাত ই জমা হয়৷ এই জমা হোৱা পদাৰ্থ, মিউকাছে বায়ুথলীত অক্সিজেনৰ বাবে ঠাই নোহোৱা কৰে আৰু তেতিয়াই আক্ৰান্ত ব্যক্তিজনে উশাহ লোৱাত কষ্ট অনুভৱ কৰে, উশাহ চুটি হয়৷ এই অৱস্হাটোকে “নিউমোনিয়া” (Pneumunia) বুলি কোৱা হয়৷ আনহাতে হাওঁফাওঁৰ অন্য অংশত এই মিউকাছ জমা হৈ অসুবিধাৰ সৃষ্টি হ’লে তাক Bronchiopneumunia বুলি কোৱা হয়৷
 নিউমোনিয়াৰ বাবে দেখা দিয়া লক্ষণসমূহ হ’ল--উশাহ লোৱাত কষ্ট হোৱা, বুকুৰ বিষ, কাহ, জ্বৰ৷ ঠাণ্ডা লগা, বিভ্ৰান্তি, মূৰৰ বিষ, পেশীৰ বিষ আৰু অত্যাধিক দুৰ্বলতা৷
কেতিয়াবা ইয়াতকৈ গুৰুতৰ অৱস্হাৰ দেখা যায়, যেনে- স্বাভাৱিক ভাৱে শ্বাস প্ৰশ্বাস ল’ব নোৱাৰা অৱস্হা বা Respiratory Failure৷ এনে অৱস্হাত মানুহ জনক জীয়াই ৰাখিবলৈ কৃত্ৰিমভাৱে শ্বাস প্ৰশ্বাস কৰোৱাতো প্ৰয়োজনীয় হৈ পৰে, এই ব্যৱস্হাক Ventilator বুলি কোৱা হয়৷

দেখা যায় যে,ব্যক্তিজন Covid-19  বা Covid-2 ৰ দ্বাৰা সংক্ৰমিত হ’লে এই লক্ষণ সমূহে দেখা দিব নে নিদিয়ে সেয়া বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰিব৷ তাৰ ভিতৰত প্ৰধান হ’ল-ব্যক্তিগৰকীৰ বয়স, তেখেত আগৰ পৰা কোনো শ্বাসজনিত সমস্যাত আক্ৰান্ত নেকি, আগৰে পৰা কোনো গুৰুতৰ ৰোগ যেনে উচ্চ ৰক্তচাপ, মধুমেহ, বৃক্কজনিত ৰোগ, হৃদৰোগত আক্ৰান্ত নেকি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা৷

চিকিৎসা আৰু ল’ব লগা সাৱধানতা :

 ওপৰত উল্লেখিত লক্ষন সমূহৰ পৰা ৰোগৰ ভয়াবহতা অনুমেয়৷ তাৰোপৰি শৰীৰত অক্সিজেনৰ চলাচল বাধাপ্ৰাপ্ত হোৱাৰ বাবে যিকোনো গুৰুত্বপূৰ্ন অংগ যেনে বৃক্ক, হৃদযন্ত্ৰ আদি হঠাৎ বিকল হৈ আক্ৰান্ত ব্যক্তিজনৰ মৃত্যু হোৱা দেখা যায়৷ আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ’ল, বিশ্ব স্বাস্হ্য সংস্হাৰ অধীনত বিভিন্ন বিজ্ঞানীয়ে ক’ৰণা ভাইৰাছৰ প্ৰতিষেধক উদ্ভাৱনৰ বাবে লাগি আছে যদিও এতিয়ালৈ সফল হোৱা নাই৷ সেয়েহে সাৱধানতাৰ ওপৰতেই সকলোৱে গুৰুত্ত আৰোপ কৰিছে৷  বিশ্ব স্বাস্হ্য সংস্হাৰ তথ্য অনুসৰি, সংক্ৰমিত হলেও ৰোগৰ লক্ষণে দেখা নিদিয়ে যদিহে তেখেতৰ ৰোগ প্ৰতিৰোধ  ক্ষমতা শক্তিশালী হয়৷ শতকৰা ৮০% শতাংশ মানুহে বিনা চিকিৎসাই আৰোগ্য লাভ কৰে৷ প্ৰতি ছয়জন মানুহৰ ভিতৰত এজনৰ অৱস্হা শোচনীয় হয়৷
ইয়াৰ পৰা বাচি থাকিবলৈ তলত দিয়া নিৰ্দিশনা সমূহ মানিবলৈ কোৱা হৈছে৷
১)  সঘনাই Hand Wash বা চাবোনেৰে হাত ধোৱা ৷ পানী নাথাকিলে এলকহল যুক্ত Hand Rub, Hand Senitizer ব্যৱহাৰ কৰা৷
২)  কাহ মাৰিলে বা হাচিঁয়ালে মুখ বা নাক কাপোৰ বা টিছ্যু পেপাৰেৰে অথৱা নিজৰ হাতৰ বাউসী বা কিলাকুটিৰে ঢাকিব লাগে ৷
৩) সকলোৰে পৰা এক মিটাৰ (৩ ফুট) দুৰত্ব বজায় ৰখা৷
৪) প্ৰয়োজনহ’লে মাস্ক(Mask) বা মুখা  পিন্ধিহে বাহিৰলৈ ওলোৱা ইত্যাদি৷

সময়ৰ লগে লগে বিভিন্ন ৰাষ্ট্ৰই সমগ্ৰ মানৱ জাতিৰ প্ৰতি ভাবুকি সৃষ্টি কৰা ক’ৰণা মহামাৰীৰ লগত মোকাবিলা কৰিবলৈ টলা-বন্ধা (Lockdown), নিজকে জনসাধাৰণৰ পৰা আতৰাই ৰখা (Self Quarentine) আৰু সামাজিক দূৰত্ব(Social Distance) বজায় ৰখা আদি বিভিন্ন কাৰ্য্যপন্থা হাতত লৈছে৷

আমি আশা কৰিছো নিজৰ মাজত থকা ভাষিক, জাতিক,ধৰ্মীয় বিভিন্নতাক নেওচি ভৌগলিক সীমাৰেখাৰ উৰ্ধত সমগ্ৰ মানৱ জাতিয়ে একতাৰ দোলেৰে বান্ধ খাই অতি শীঘ্ৰে এই দুৰ্যোগ মষীমূৰ কৰি পুনৰ মানৱ সভ্যতাৰ সফলতাৰ ধ্বজা উৰোৱাবলৈ সক্ষম হ’ব৷ এয়াই সময় আত্মবিশ্লেষনৰ, নিজকে মানুহ হিচাপে পৰিচয় দিয়াৰ৷ স্বাভাৱিক দিনবোৰ ঘূৰি আহক সোনকালে৷ সকলোৱে স্বাস্হ্য বিভাগৰ লগতে চৰকাৰৰ নীতি নিৰ্দেশনা মানি চলক৷ সকলো কুশলে থাকক, সুৰক্ষিত থাকক৷

নাজিয়া চুলতানা
ছিপাঝাৰ, দৰং

No comments:

Powered by Blogger.