Breaking

বাইয়াতঃ বিভ্ৰান্ত মুছলিম সমাজ


      আৰবী বাইয়াত শব্দ আহিছে বাই’ৰ পৰা৷ যাৰ অৰ্থ হৈছে বেচা-কিনা কৰা৷ প্ৰকৃত অৰ্থ হৈছে বিক্ৰয় আৰু গৌণ অৰ্থ হ’ল- চুক্তি, শপথ, আনুগত্য, অঙ্গীকাৰ আদি৷ 
বাইয়াত শব্দকলৈ মুছলিম জনমানসত বিভ্ৰান্তিৰ সৃষ্টি হৈছে৷ কিছুমানে বাইয়াত হোৱাৰ কাৰণে জোৰ কৰি থাকে, আন কিছুমানে বাইয়াতৰ নাম লৈ বাইয়াত কৃত ব্যক্তিৰ সম্পদ অবৈধ উপায়ে হস্তক্ষেপ তথা ভক্ষণ কৰাৰ চেষ্টা কৰে, আন কিছুমানে আকৌ বাইয়াত নহ’লে আখিৰাতত মুক্তি নহয় বুলি জনমানসত ভয়ৰ সৃষ্টি কৰে৷ সেইবাবেই কেতিয়াবা দেখিবলৈ পোৱা যে মৃত্যুৰ উপক্ৰম ব্যক্তি এজনক ঠেলা গাড়ীৰে বাইয়াত হ’বলৈ কোনো পীৰৰ ওচৰলৈ লৈ যোৱা হয়৷ 
এই বিভ্ৰান্তি ইছলামত নাই, এয়া মুছলিম সকলে সৃষ্টি কৰিছে৷ ইছলামে সদায় স্পষ্ট আৰু জনসাধাৰণৰ বোধগম্য ভাষাতেই ইছলামী বিধান উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে৷ কিন্ত মুছলমান সকলেই এই বিধানক টনা-হেঁচৰা কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰিছে তাত অলপো সন্দেহ নাই৷ 
মহম্মদ [ছ] এ চাহাবা সকলৰ পৰা সৰ্বপ্ৰথম বাইয়াত গ্ৰহণ কৰে মক্কী জীৱনৰ শেষৰ বছৰত মদীনাৰ পৰা অহা নও মুছলিম সকলৰ পৰা, যি সকলে ইছলাম গ্ৰহণ কৰি ৰচুল [ছ] ৰ ওচৰত আহিছিল দ্বীন শিক্ষাৰ বাবে তথা ৰচুল [ছ] ক মদীনালৈ আহিবলৈ আহ্বান জনাবলৈ৷ মহম্মদ [ছ] এ তেওঁলোকৰ সৈতে প্ৰয়োজনীয় বিষয় আলোচনা কৰাৰ পিছত তেওঁলোকৰ পৰা কেইটামান বিষয়ত বাইয়াত গ্ৰহণ কৰিছিল৷ সেই বাইয়াতৰ বিষয়বস্তৰ পিনে লক্ষ্য কৰিলে দেখা যায় যে নতুনকৈ গঠিত হ’বলৈ ধৰা মদীনাৰ ইছলামী সমাজৰ শান্তি শৃংখলা বজাই ৰাখিবলৈহে বাইয়াত গ্ৰহণ কৰিছিল৷ কিয়নো বাইয়াতৰ এটা বিন্দু আছিল যে তেওঁলোকে শাসক শাসনৰ বিষয়ত যোগ্যজনৰ বিৰোধিতা নকৰে, সেয়া যিমানেই তেওঁলোকৰ স্বাৰ্থৰ বিপৰীতে নাযাওক কিয়৷ গতিকে নিসন্দেহে ক’ব পৰা যায় যে এই বাইয়াত আছিল ইছলামী সমাজৰ শান্তি শৃংখলা বজাই ৰখাৰ বাবে সমাজ প্ৰধানৰ ওচৰত কৰা এক শপথ বিশেষ৷ সেয়ে এই উদ্দেশ্যে কোনো ব্যক্তিয়ে সমাজ প্ৰধানৰ ওচৰত বাইয়াত কৰিলে তাত ক’বলগীয়া একো নাই৷  
মহম্মদ [ছ] ৰ মদীনা জীৱনৰ ষষ্ঠ বছৰত হুদাইবিয়াৰ সন্ধিৰ সময়ত ওচমান [ৰা] ক মক্কাৰ মুশ্বৰিক সকলে হত্যা কৰাৰ সংবাদৰ পৰিপেক্ষিতত উপস্থিত চৈধ্যশ চাহাবাৰ পৰা ওচমান [ৰা] ৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ বাবে জীৱন মৰণৰ বাইয়াত [শপথ] গ্ৰহণ কৰে৷ এই বায়াতক বায়াতে ৰিদওয়ান বুলি জনা যায়৷  ইয়াজিদ ইবনে আবু উবাইদ [ৰ] পৰা বৰ্ণিত৷ তেওঁ কৈছে, মই ছালমাহ ইবনে আকওৱা [ৰা] সুধিছিলো, হুদাইবিয়াৰ দিনা আপোনালোকে কোন বিষয়ৰ ওপৰত ৰাছুলুল্লাহৰ [ছা] ওচৰত বাইয়াত কৰিছিল? তেওঁ ক’লে, মৃত্যুৰ ওপৰত৷ [ছহীহুল বুখাৰী, কিতাবুল মাগাজী, হদীছ ঃ৪১৬৯] এই বাইয়াত হোৱাৰ ঘটনাৰ পিনে লক্ষ্য কৰিলে বুজা যায় যে এয়া বিশেষ সময়ত বিশেষ কৰ্তব্য পালনৰ কাৰণে কৰা শপথ অথবা যুদ্ধৰ ময়দানত সামৰিক প্ৰদানৰ ওচৰত কৰা শপথ৷ গতিকে মুছলিম সমাজে এনেকোৱা পৰিস্থিতিত সামৰিক প্ৰধানৰ ওচৰত বাইয়াত কৰিলে তাতো আপত্তি কৰাৰ কোনো উপায় নাই৷ 
ইছলামৰ বিজয়ৰ দ্বাৰা যেতিয়া সম্পূৰ্ণ আৰব ভূখণ্ড মদীনাৰ অধীনলৈ আহে তেতিয়া বিভিন্ন গোত্ৰৰ প্ৰতিনিধি  মদীনালৈ ৰচুল [ছ]ৰ ওচৰত বাইয়াত হোৱাৰ বাবে উপস্থিত হয়৷ তেওঁলোকৰ শপথৰ উদ্দেশ্য আছিল আল্লাহ আৰু ৰচুলৰ আনুগত্য স্বীকাৰ কৰা৷ প্ৰকৃততে এয়া ইছলামী ৰাষ্ট্ৰৰ নাগৰিকৰ ৰাষ্ট্ৰপ্ৰধানৰ ওচৰত ৰাষ্ট্ৰৰ নীতি নিয়ম মানি চলাৰ শপথ বা আনুগত্য বা সমৰ্থন যাক ৰায় বুলি ক’ব পাৰি৷ এই সময়ত মহিলা সকলেও বাইয়াত হ’বলৈ আহিছিল, তেতিয়া ৰচুল [ছ] ৰ ওপৰত পবিত্ৰ ক্বোৰআনৰ চুৰা মুমতাহিনাৰ ১২ নম্বৰ আয়াত অবতীৰ্ণ হয় যাৰ জৰিয়তে তেওঁলোকক পৰীক্ষা কৰাৰ আদেশ দিয়ে আৰু ৰচুল [ছ] এ তেওঁলোকৰ তেওঁলোকৰ মৌখিক বাইয়াত গ্ৰহণ কৰে৷ পবিত্ৰ কোৰআনত আল্লাহে কৈছেঃ
‘হে নবী! ঈমানদাৰ নাৰীসকলে যেতিয়া হিজৰত কৰি তোমাৰ ওচৰলৈ বাইয়াত হ’বলৈ আহে আৰু এই বিষয়ে প্ৰতিশ্ৰুতি দিয়ে যে তেওঁলোকে আল্লাহৰ সৈতে আন কাকো শ্বৰীক নকৰে, চুৰি নকৰে, জিনা নকৰে নিজৰ সন্তানসকলক হত্যা নকৰে, সন্তান সম্পৰ্কে কোনো অপবাদ তৈয়াৰ কৰি নানে, কোনো ভাল কামত আপোনাৰ অবাধ্য নহ’ব তেনেহ’লে তেওঁলোকৰ পৰা বাইয়াত গ্ৰহণ কৰা’৷  [ছুৰা মুমতাহিনাঃ৬০ঃ১২] ইয়াৰ জৰিয়তে প্ৰমাণিত হয় যে সমাজ গঠনত মহিলাৰ ..যথেষ্ট ভূমিকা আছে৷ 
ৰচুল [ছ] ৰ ইন্তেকালৰ পিছত সকলোৰে পৰামৰ্শক্ৰমে আবু বকৰ ছিদ্দিকক [ৰাঃ] খলিফা নিৰ্বাচিত কৰা হয়৷ এই নিৰ্বাচন অনুষ্ঠিত হয় বাইয়াতৰ মাধ্যমত৷ এয়া সৰ্বজন সিদ্ধ যে যেতিয়া ওমৰ ফাৰুকে [ৰা] আবু বকৰ ছিদ্দিকৰ [ৰাঃ] হাতত বাইয়াত হয় তেতিয়া খলিফা নিৰ্বাচনক লৈ হোৱা বিবাদ তাতেই শেষ হয় আৰু বনী ছায়েদাৰ সন্মিলনত উপস্থিত থকা সকলোৱে আবু বকৰ ছিদ্দিকৰ [ৰাঃ] হাতত বাইয়াত হয়৷ উক্ত বাইয়াত অনুষ্ঠানত মোহাজিৰ আৰু আনচাৰ সকলৰ বিশিষ্ট সকলো লোকেই তাত উপস্থিত আছিল তেওঁলোকৰ সমৰ্থনৰ পাছত সাধাৰণ জনসাধাৰণৰ পৰাও বাইয়াত লোৱাৰ প্ৰয়োজন আছিল সেয়ে মছজিদে নব্বীত সাধাৰণ জনসাধাৰণৰ পৰাও বাইয়াত হোৱাৰ বাবে আহ্বান জনোৱা হয়৷ 
গতিকে আবু বকৰৰ [ৰা] খলিফা নিৰ্বাচনৰ ঘটনাৰ পৰা জনা যায় যে চাহাবা সকলে বাইয়াতক ইছলামী জনপদৰ ৰাষ্ট্ৰপ্ৰধানক নিৰ্বাচন কৰাৰ মাধ্যম হিচাপে প্ৰয়োগ কৰিছিল৷ কিন্ত এই পন্থা চাহাবা সকলৰ স্বীয় আৱিস্কৃত নাছিল, ৰচুলে [ছ] নিজেই চাহাবা সকলক মুছলিম সকলৰ সব্বোৰ্চ্ছ কৰ্তৃত্বশীল গৰাকীক নিৰ্বাচন কৰাৰ বাবে বাইয়াতৰ পন্থা কৰিছিল৷ নবী [ছ] এ কৈছে, ঃ‘ বনী ইশ্বৰাইলৰ নবী সকলে তেওঁলোকৰ উম্মতক শাসন কৰিছিল৷ যেতিয়া কোনো এজন নবীৰ মৃত্যু হৈছিল তেতিয়া আন এজন নবী তেওঁৰ স্থলাভিসিক্ত হৈছিল৷ কিন্তু মোৰ পিচত কোনো নবী নাই৷ অৱশ্যে বহুত খলিফা হ’ব৷ ছাহাবা সকলে সুধিলে, হে আল্লাহৰ ৰছুল! আপুনি আমাক কি নিৰ্দেশ দিয়ে? তেখেতে ক’লে, তোমালোকে তেওঁলোকৰ এজনৰ পাছত এজনৰ বাইয়াতৰ হক আদায় কৰিবা৷ তোমালোকৰ ওপৰত তেওঁলোকৰ যি অধিকাৰ আছে সেয়া আদায় কৰিবা আৰু নি(য় আল্লাহে তেওঁলোকক সুধিব সেইবোৰ বিষয়ে যিবোৰৰ দায়িত্ব তেওঁলোকৰ ওপৰত অৰ্পন কৰা হৈছিল৷’ [ছহীহুল বুখাৰী, হদীছঃ৩৪৫৫, ছহীহ মুছলিম, হদীছঃ১৮৪২, ছুনান ইবনে মাজা, হদীছঃ২৮৭১]
সংক্ষিপ্ত আলোচনাৰ পৰা দেখা যায় যে যেতিয়াই চাহাবা সকলে বাইয়াত হৈছে তেওঁ হৈছে সবোৰ্চ্ছ কতৃত্বশীল, সেয়া সামাজিক, নিৰাপত্তামূলক, শান্তি শৃংখলা আদি সকলো ক্ষেত্ৰতে যিজন সৰ্বোচ্ছ কতৃত্বশীল তেওঁৰ ওচৰতে বাইয়াত হৈছে৷ শেষোক্ত ঘটনা তথা ৰচুলৰ [ছ] বাণীৰ পৰা এইটো বুজা যায় যে পৰবৰ্তী সময়ত বাইয়াত ৰাষ্ট্ৰৰ সবোৰ্চ্ছ কতৃত্বশীলৰ নিৰ্বাচনৰ পন্থা হিচাপে বিবেচিত হয়৷ গতিকে নবী আৰু চাহাবা যুগৰ সেই বাইয়াতৰ সৈতে বৰ্তমান সময়ৰ পীৰৰ ওচৰত কৰা বাইয়াতৰ কোনো সামঞ্জস্য নাই৷ ক’ত ৰাষ্ট্ৰৰ কতৃত্বশীল, সামৰিক বিভাগৰ কৰ্ণধাৰ, সমাজ প্ৰধানৰ ওচৰত কৰা শপথ আৰু ক’ত সমাজৰ পৰা বিতাৰিত, সমাজ পৰিচালনাৰ অযোগ্য খানকাহত আশ্ৰয় লোৱা পীৰৰ হাতত কৰা বাইয়াত৷ য’ত আকাশ পাতাল পাৰ্থক্য৷  

ইয়াকুব আলী আহমেদ

No comments:

Powered by Blogger.