Breaking

আদৰ্শ মানৱ



মূল 
চৈয়দ আবুল আ’লা মওদূদী

অনুবাদ 
মহঃ কিফায়েৎ উল্লাহ

আদৰ্শ মানৱ

আজি সেই মহান মহাপুৰুষৰ জন্ম দিন, যিগৰাকীয়ে মানৱ জাতিৰ কাৰণেই জন্ম গ্ৰহণ কৰিছিল৷ তেওঁ জগতত এনে এক আদৰ্শ প্ৰতিষ্ঠা কৰি গৈছে, যাক অনুসৰণ কৰিলে মানৱ জাতিৰ সৰ্বাঙ্গীণ উন্নতি হয়৷ আজিৰ এই সঙ্কটপূৰ্ণ যুগ সন্ধিক্ষণত এই দিনৰ গুৰুত্ব ইমানেই বেছি যে, সমগ্ৰ মানৱ জাতি সেই মহাপুৰুষৰ নিদ্দেৰ্শিত পথৰ সন্ধান লাভৰ বাবে উন্মুুখ হৈছে৷ জগত বিখ্যাত দাৰ্শনিক বাৰ্ণাড শ্ব’ই কৈছিল ঃ “আজি যদি হজৰত মোহাম্মদ [ছঃ] পৃথিৱীৰ ‘ডিক্টেটৰ’ হ’লহেতেঁন,  পৃথিৱীত পূৰ্ণ শান্তি বিৰাজ কৰিলেহেঁতেন৷ ” বাৰ্ণাড শ্ব’ই তেওঁৰ অন্তৰ আত্মাৰ বিচাৰকেই প্ৰতিধবনিত কৰিছিল নি(য়৷ বাৰ্ণাড শ্ব’ৰ উক্তিতকৈ আৰু এখোজ আগুৱাই আমি কওঁ যে ঃ যদিও হজৰত মোহাম্মদ [ছঃ] ইহ জগতত এতিয়া আৰু নাই, তেওঁৰ প্ৰচাৰিত আদৰ্শ আৰু শাশ্বত ৰীতি-নীতি বৰ্তমানো আছে৷ আমি যদি তেওঁৰ সেই আদৰ্শ আৰু ৰীতি-নীতিক আমাৰ কৰ্ম জীৱনৰ পাথেয় হিচাবে লওঁ তেনেহ’লে এই পৃথিৱীত বিৰাজ কৰা সকলো অশান্তিৰ অৱসান ঘটাই আমি বিশ্ববাসীক এখন শান্তি, সম্প্ৰীতি আৰু আনন্দেৰে ভৰা পৃথিৱী উপহাৰ দিব পাৰো৷ 
আজিৰ পৰা চৈধ্যশ বছৰ আগতে যি সময়ত হজৰত মোহাম্মদ [ছঃ]এ পৃথিৱীত জন্ম গ্ৰহণ কৰিছিল, সেই সময়ত তেওঁৰ নিজ জন্মভূমি নৈতিক অধঃপতন, উশৃঙ্খলতা আৰু অশান্তিৰ চৰম সীমাত উপনীত হৈছিল৷ পৱিত্ৰ কোৰআনত সেই সম্পৰ্কে এইদৰে মন্তব্য কৰা হৈছে ঃ “হে মোহাম্মদ! তুমি এটা অগ্নি গহ৩১ৰ কাষত থিয় হৈ আছিলা আৰু আল্লাহে তোমাক তাৰ পৰা ৰক্ষা কৰিছে৷ ”
পৃথিৱীৰ অন্যান্য দেশসমূহৰ অৱস্থাও ইয়াতকৈ উন্নত নাছিল৷ পাৰস্য আৰু ৰোম সাম্ৰাজ্য সেই সময়ত মানৱ সভ্যতাৰ দুটি সৰ্ববৃহৎ উৎস কেন্দ্ৰ আছিল৷ এফালে নিজৰ মাজতে পাৰস্পৰিক দ্বন্দ্ব্ব-খৰিয়াল আৰু আনফালে সামাজিক বিভেদ, অন্ন সংস্থানৰ পূৰ্ণ অব্যৱস্থা আৰু ধৰ্মীয় বিবাদে দুয়োখন ৰাষ্ট্ৰক ধবংস স্তূপত পৰিণত কৰিছিল৷ এনে শোচনীয় অৱস্থাতে হজৰত মোহাম্মদ [ছঃ]ৰ জন্ম হৈছিল আৰু মাত্ৰ ২৩ বছৰৰ ভিতৰতেই তেওঁৰ নেতৃত্বত যি বিপ্লৱী আন্দোলন আৰম্ভ হৈছিল, তাৰ ফলতেই পৰৱত¹ কেইবছৰমানৰ ভিতৰতে পাক-ভাৰত সীমান্তৰ পৰা উত্তৰ আফ্ৰিকা পৰ্যন্ত পৃথিৱীৰ এক বিৰাট ভূ-খণ্ডৰ অধিবাসীবিলাকে নৈতিক চৰিত্ৰ,  অৰ্থনীতি, সমাজনীতি, ৰাজনীতিকে আদি কৰি জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো বিষয়ত উন্নতি সাধন কৰিছিল৷ 
এনে ধৰণৰ পৰিৱৰ্তন আৰু উন্নতি কেনেকৈ সম্ভৱ হৈছিল? এই সম্পৰ্কে সংক্ষিপ্ত প্ৰবন্ধটোত বিস্তৃত আলোচনা সম্ভৱ নহয়৷ আমি কেৱল ইয়াৰ কেইটামান মূলনীতি আপোনালোকৰ আগত ব্যক্ত কৰিম৷ 
নবী কৰীম [ছঃ]এ যিটো বিষয়ৰ প্ৰতি সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছিল সেইটো হৈছে মানুহ৷ মানুহে কেৱল এক অদ্বিতীয় আল্লাহকেই তেওঁলোকৰ সাৰ্বভৌম প্ৰভু, মালিক, মা’বুদ, উপাস্য আৰু আইনদাতা হিচাবে মানি ল’ব৷ এই নীতি যে কেৱল ধম¹য় আনুষ্ঠানিকতাৰ গণ্ডিৰ ভিতৰত সীমাৱদ্ধ থাকিব সেইটো নহয় বৰং মানৱ জীৱনৰ প্ৰতিটো মুহূৰ্ততে, প্ৰত্যেক কাৰ্যতে সৰ্বশক্তিমান আল্লাহতা’লাৰ কতৃৰ্ত্বৰ ওচৰত সদায় মূৰ দোঁৱাই থাকিব লাগিব৷ 
হজৰত মোহাম্মদ [ছঃ]ৰ অন্যতম মহান শিক্ষা আছিল এই যে, মানুহে স্বেচ্ছাচাৰিতা আৰু দায়িত্বহীনতাৰ বিলোপ সাধন কৰিব লাগিব৷ প্ৰত্যেকেই ব্যক্তিগতভাৱে আল্লাহৰ ওচৰত জবাবদিহি হ’ব লাগিব৷ এইদৰে সমগ্ৰ মানৱ জাতিয়ে বংশ, গোত্ৰ বা শ্ৰেণী হিচাবেই হওক অথবা¸ জাতি বা ৰাজতন্ত্ৰ বা শাসন ব্যৱস্থাৰ মাধ্যমেৰেই হওক- আল্লাহৰ ওচৰত প্ৰতিটো বিষয়ৰ দায়বদ্ধতা আৰু জবাবদিহিৰ দায়িত্ব ল’ব লাগিব৷ 
হজৰত মোহাম্মদ [ছঃ]এ মানৱৰ সংজ্ঞা বৰ্ণনা কৰি কৈছে যে, “মানৱ এই পৃথিৱীত আল্লাহতা’লাৰ খলিফা বা প্ৰতিনিধি৷ মানুহৰ যি বিষয়ত যিখিনি কৰ্ম স্বাধীনতা আছে সেইয়া প্ৰকৃত পক্ষে আল্লাহ প্ৰদত্ত, তেওঁলোকৰ নিজস্ব নহয়৷ এই শক্তি আৰু স্বাধীনতা প্ৰয়োগৰ বাবে তেওঁলোক আল্লাহৰ ওচৰত দায়ী থাকিব লাগিব আৰু তাৰ বাবে জবাবদিহি হ’ব লাগিব৷ ”
আল্লাহতা’আলাৰ সাৰ্বভৌম কতৃৰ্ত্ব আৰু মানৱ কতৃৰ্ক তেওঁৰ প্ৰতিনিধিত্ব- এই মৌলিক ভিত্তিৰ ওপৰতেই হজৰত মোহাম্মদ [ছঃ]এ মানৱ জাতিৰ মাজত পাৰস্পৰিক ঐক্য আৰু মিলন সংঘটিত কৰিছিল৷ ইয়াৰ বাহিৰে অন্য কোনো উপায়ে সেই মিলন সম্ভৱ নহয়৷ সন্তান-সন্ততি, বংশ, ভাষা, বৰ্ণ, জন্মভূমি আৰু জীৱিকাৰ্জনৰ সুবিধা-অসুবিধা প্ৰভৃতিক ভিত্তি কৰি যি সমাজ গঢ়ি উঠে, সেইবিলাকে মানৱ জাতিক বিভিন্ন সম্প্ৰদায় আৰু দলত বিভক্ত কৰি পৰস্পৰৰ প্ৰতি সংগ্ৰামশীল কৰি তোলে৷ উক্ত বিভিন্ন দল, গোষ্ঠী বা সম্প্ৰদায়ৰ মাজত কোনো সময়ত ঐক্য স্থাপিত হলেও সি ক্ষণিকৰ বাবে আৰু বিশেষ স্বাৰ্থৰ বাবেহে হয়৷ ওপৰোক্ত শ্ৰেণী বিভাগৰ ফলত পাৰস্পৰিক দ্বন্দ্ব্ব-খৰিয়াল লাগিয়ে থাকে আৰু ফলত অশান্তি অন্যায়-অবিচাৰ বাঢ়ি যায়৷ এনেকুৱা সংকটপূৰ্ণ অৱস্থাত আল্লাহতা’লাৰ সাৰ্বভৌম প্ৰভুত্ব স্বীকাৰ কৰি তেওঁৰ আনুগত্যৰে মতৈক্য স্থাপন আৰু প্ৰতিটো কামৰ কাৰণে সম্পূৰ্ণ দায়িত্ববোধেই উক্ত দ্বন্দ্ব্ব-খৰিয়াল দূৰীকৰণৰ মৌলিক উপায় আৰু একমাত্ৰ ইয়াৰ দ্বাৰাই পৃথিৱীত সু-শাসন আৰু ন্যায় বিচাৰ প্ৰতিষ্ঠিত হ’ব পাৰে৷ 
জাতি পূজা আৰু শ্ৰেণী বিভাগৰ পৰিৱৰ্তে আল্লাহৰ পূৰ্ণ আনুগত্য আৰু প্ৰতিনিধিত্বৰ ধাৰণা হৃদয়ত পোষণ কৰি হজৰত মোহাম্মদ [ছঃ]এ যি বিশ্বজনীন সামগ্ৰিক জীৱন ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল, তাৰ প্ৰতিটো দিশ সুদৃঢ় নৈতিক ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত আছিল, তেওঁৰ নৈতিক শিক্ষা সংসাৰত্যাগী বৈৰাগী দৰৱেশ সকলৰ কাৰণে নাছিল৷ আছিল পৃথিৱীৰ কাৰ্য পৰিচালক সকলৰ কাৰণে, কৃষক, জমিদাৰ, মজদুৰ আৰু কাৰখানাৰ মালিকৰ বাবে৷ ব্যৱসায়ী, ক্ৰেতা, পুলিচ, মেজিষ্ট্ৰেট, জৰ্জ, কালেক্টৰ, সৈনিক, সেনাপতি, মন্ত্ৰী, ৰাষ্ট্ৰদূত আদি প্ৰত্যেকৰ নিজ নিজ কৰ্ত্তব্যৰ গণ্ডিৰ মাজত কিছুমান নৈতিক আইনৰ বন্ধন আৰু সেইবিলাকৰ মূলনীতি গঠন আৰু বিলোপ সাধন ব্যক্তি বিশেষৰ বা জনসাধাৰণৰ মৰ্জি মতে হ’ব নোৱাৰে৷ 
সামাজিক আৰু ব্যক্তিগত সম্পৰ্ক, শিল্প-কলা, সাহিত্য, ব্যৱসায়, বাণিজ্য, পাৰস্পৰিক আদান-প্ৰদান, ৰাজনীতি, ৰাষ্ট্ৰশাসন, আন্তৰ্জাতিক সম্পৰ্ক, যুদ্ধ আৰু সন্ধি মুঠ কথা মানৱ জীৱনৰ প্ৰতিটো কামকে হজৰত মোহাম্মদ [ছঃ]এ নৈতিক ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত কৰি গৈছে৷ মানৱ জীৱন ব্যৱস্থাৰ লগত সংশ্লিষ্ট কোনো বিষয়ত নৈতিক চৰিত্ৰৰ বন্ধন মুক্ত হৈ প্ৰসাৰ লাভত তেওঁ কোনোমতেই অনুমোদন কৰা নাই৷ 
উপৰি উক্ত মৌলিক নীতিৰ ওপৰতেই হজৰত মোহাম্মদ [ছঃ]এ সংস্কাৰমূলক কৰ্মসূচী ৰচনা কৰিছিল৷ এই কৰ্মসূচীকে ৰূপায়িত কৰিবৰ কাৰণে তেওঁ যি উপায় অৱলম্বন কৰিছিল, তাৰ প্ৰাথমিক স্তৰ হৈছে ব্যক্তিগত সংস্কাৰ, পৰিশুদ্ধি আৰু সৰ্বজনীন সংস্কাৰৰ চৰম ৰূপায়ণ যি শেষ পৰ্যন্ত ব্যক্তিৰ ওপৰত নিৰ্ভৰশীল, সেই বিষয়ত তেওঁৰ বিশেষ লক্ষ্য আছিল৷ সৰ্বোৎকৃষ্ট শাসন ব্যৱস্থা দুৰ্বল আৰু সন্দিহান চৰিত্ৰৰ মানুহৰ দ্বাৰা পৰিচালিত হ’ব নোৱাৰে৷ মানুহৰ চৰিত্ৰৰ দোষৰ কাৰণে শাসন ব্যৱস্থাৰ স্তৰে-স্তৰে যি ফাট মেলে সি বৰ্ণনাতীত৷ বিভিন্ন প্ৰকাৰৰ সম্ভাৱ্য বিশৃংখলা আৰু ধবংস ৰোধ কৰিবলৈ যিমানেই প্ৰতিৰোধ পৰিকল্পনা কাগজে কলমে নকৰক লাগে, সেই লিপিবদ্ধ পৰিকল্পনা বিলাক কাৰ্যত পৰিণত কৰিবলৈ হলে ব্যক্তিৰ নৈতিক চৰিত্ৰৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব৷ যদি তেওঁলোকে নিজৰ অভিলাষ, ব্যক্তি স্বাৰ্থ আৰু পক্ষপাতিত্বৰ দাস হয়, যদি তেওঁলোক ঈমানদাৰ আৰু চৰিত্ৰবান নহয় তেনেহলে যিমানেই পৰিকল্পনা নকৰক লাগিলে, সেইবিলাক ব্যৰ্থতাত পৰিণত হয় আৰু শাসন ব্যৱস্থাৰ এনে কিছুমান ঠাইত ফাট মেলিব যিবোৰৰ নিৰ্ণয় কৰা টান হৈ পৰিব৷ পক্ষান্তৰে যি শাসন ব্যৱস্তা কেৱল কিতাপত লিপিৱদ্ধ থাকে তাৰ ত্ৰুটি-বিচ্যুতি সহজেই ধৰা পৰে৷ কিন্তু উক্ত শাসন ব্যৱস্থা কাৰ্যকৰী কৰিবৰ কাৰণে যদি বিশ্বস্ত ব্যক্তি পোৱা যায় তেতিয়াহে বাস্তৱত ত্ৰুটি-বিচ্যুতি বিলাক আশানুৰূপ ভাবে সংশোধিত হ’ব পাৰে৷ 
এই মৌলিক ভিত্তিত প্ৰণীত কাৰ্যসূচী অনুযায়ী হজৰত মোহাম্মদ [ছঃ]এ পৃথিৱীৰ সংস্কাৰ সাধন কৰাৰ উদ্দেশ্যে এদল চৰিত্ৰবান ব্যক্তিগঠন কৰিবলৈ প্ৰথমতে সৰ্বশক্তি নিয়োগ কৰিছিল৷ এনেকুৱা এটা বাহিনী গঠন কৰিলে যিসকলে প্ৰতি মুহূৰ্ততে আল্লাহৰ ভয় হৃদয়ত পোষণ কৰি পাপ কাৰ্যৰ পৰা বিৰত থাকে আৰু জীৱনৰ প্ৰতি ক্ষেত্ৰতে প্ৰতিটো কামৰ কাৰণে আল্লাহৰ ওচৰত দায়বদ্ধ থাকে৷ হজৰত মোহাম্মদ [ছঃ]এ তেওঁলোকৰ মাজত এনে মনোভাৱ সৃষ্টি কৰিলে যে, ওপৰোক্ত নীতিক আওকান কৰিলে তেওঁলোক আল্লাহৰ বিৰাগ ভাজন হ’ব৷ আল্লাহৰ সন্তুষ্টি লাভৰ কাৰণে যেন তেওঁলোকে নিজৰ প্ৰিয়বস্ত উছৰ্গা কৰিবলৈও দ্বিধাবোধ নকৰে৷ তেওঁলোকে যেন আল্লাহৰ বাহিৰে আন কাকো ভয়, কাৰোবাৰ অনুকম্পাৰ লোভ আৰু পুৰস্কাৰৰ আশা হৃদয়ত পোষণ নকৰে৷ তেওঁলোকৰ ব্যক্তিগত আৰু সামাজিক জীৱনৰ মাজত যেন কোনো পাৰ্থক্য নাথাকে, জনসাধাৰণৰ চকুত তেওঁলোক যিমান সৎ, অভিজাত আৰু আল্লাহভীৰু প্ৰতিপন্ন হ’ব, নিজৰ গৃহাভ্যন্তৰতো তেনেকুৱাই হ’ব৷ তেওঁলোকৰ ওপৰত এনেকুৱা আস্থা স্থাপন কৰা হ’ব যে, যদি জনসাধাৰণৰ জান-মাল আৰু সন্মানৰ ৰক্ষণা-বেক্ষণৰ ভাৰ তেওঁলোকৰ ওপৰত অৰ্পিত হয় তেতিয়া হ’লে তেওঁলোক বিশ্বাসঘাতক নহয় আৰু জাতি বা চৰকাৰ অথবা নিজৰ ফালৰ পৰা যি প্ৰতিশ্ৰুতি বা চুক্তি কৰিছিল সেই চুক্তি ভংগ নকৰিব৷ বিচাৰকৰ আসনত অধিষ্ঠিত হ’লে অত্যাচাৰী প্ৰমাণিত নহ’ব৷ কোনো আদান-প্ৰদানত অসৎ পন্থা অৱলম্বন নকৰিব৷ নিজৰ অধিকাৰ লাভত বিলম্ব হ’লেও আনৰ অধিকাৰ আৰু প্ৰাপ্য দিয়াত তৎপৰতা অৱলম্বন কৰিব৷ নিজৰ প্ৰতিভা, বুদ্ধিমত্তা, দূৰদৰ্শিতা, শক্তি আৰু যোগ্যতা সু-পথে নিব আৰু মানৱৰ মঙ্গলৰ কাৰণে ন্যায় আৰু সু-বিচাৰক হ’ব৷ ব্যক্তিগত বা জাতীয় স্বাৰ্থৰ কাৰণে আনক মুৰ্খ বনোৱা বা আনৰ অধিকাৰ নিজৰ হাতলৈ অনাটো অবাঞ্ছনীয় বুলি বিবেচনাকৰিব৷ 
সম্পূৰ্ণ পোন্ধৰ বছৰ ধৰি হজৰত মোহাম্মদ [ছঃ]এ এই ধৰণে এটা দল গঠন কৰিবলৈ আত্মনিয়োগ কৰে৷ এই অলপ সময়ৰ ভিতৰতে তেওঁৰ সত্যনিষ্ঠাই এনে এটা ক্ষুদ্ৰ দল গঠন কৰিলে যে, তেওঁলোকে কেৱল আৰবৰেই নহয় সমগ্ৰ পৃথিৱীৰ সংস্কাৰ সাধনত দৃঢ় সংকল্পৱদ্ধ হ’ল৷ এই দলটোত আৰবৰ বাহিৰেও অন্যান্য দেশৰ লোকেও যোগদান কৰিলে৷ 
উক্ত দল, বাহিনী সু-প্ৰতিষ্ঠিত কৰাৰ পাছত ব্যাপক ভাবে সমাজ সংস্কাৰমূলক কামত নবী কৰীম [ছঃ]এ আত্মনিয়োগ কৰিলে৷ মাত্ৰ আঠ বছৰৰ ভিতৰত বাৰ লাখ মাইল পৰিধি বিস্তৃত এক বিৰাট ভূখণ্ডত পৰিপূৰ্ণ নৈতিক, ব্যৱহাৰিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বিপ্লৱক সফল আৰু জীৱন্ত কৰি ৰাখিছিল৷ উক্ত বাহিনীয়ে আৰবৰ সংস্কাৰ কাৰ্যত ব্ৰতী হ’ল৷ আৰব দেশত যি বিপ্লৱৰ জন্মলাভ কৰিলে সি সেই সময়ৰ সভ্য জগতৰ অধিকাংশ দেশতে বিয়পি পৰিল৷ 
আজি আমি চাৰিও ফালৰ পৰা ‘নতুন বিশ্ব ব্যৱস্থা, ’ ‘নতুন বিশ্ব ব্যৱস্থা’ (New world order, New world order)ৰ শ্লোগান শুনিবলৈ পাইছোঁ৷ কিন্তু আমি বুজিব পৰা নাই যে, যিবোৰ মৌলিক ব্যৱস্থাৰ ফলত প্ৰচুৰ অন্যায়-অনাচাৰে পূৰ্বৰ ব্যৱস্থাক শেষ পৰ্যন্ত অমঙ্গলকৰ কৰি তুলিলে, সেই ব্যৱস্থায়েই যদি নতুন ৰূপ ধাৰণ কৰি নতুন ব্যৱস্থাৰ স্বীকৃতি লাভ কৰে, তেন্তে সি ‘নতুন বটলত পুৰণা মদ’ (Old wine in a new bottle) ৰ বাহিৰে আৰু একো নহয়৷ এনেকুৱাই যদি হয়, তেন্তে সেইয়া জানো নতুন ব্যৱস্থা হ’ল? এইটোও সেই পুৰণি জীৰ্ণ ব্যৱস্থা যাৰ দৰ্শনত আমি জ৭১্ৰিত হৈ পৰিবৰ্তন বিচাৰিছোঁ৷ মানৱৰ সাৰ্বভৌম কৰ্তৃত্ব, আল্লাহৰ অবাধ্যতা আৰু ভয়হীনতা, জাতীয় বা বংশীয় বিভেদ, ৰাষ্ট্ৰীয়, জাতীয় বা দলীয় সংকীৰ্ণ ভাব, ৰাজনৈতিক স্বাৰ্থবাদিতা, আল্লাহদ্ৰোহী ব্যক্তিসকলৰ শাসন ক্ষমতা আৰু কতৃৰ্ত্ব লাভ আদি মানৱীয় কাৰ্যবিলাকতেই প্ৰকৃত অনাচাৰৰ বীজ অংকুৰিত হৈ মানৱ জাতিক ধবংসৰ মুখলৈ ঠেলি দিয়ে৷ আমাৰ জীৱন ব্যৱস্থা যদি এনেকুৱা অনাচাৰৰ দ্বাৰা বিষাক্ত হয়, তেন্তে আমাৰ ধবংস নিশ্চিত৷ 
কে’বা শতাব্দীৰ পূৰ্বে মানৱ জাতিৰ এজন মঙ্গলাকাঙ্খী মহাপুৰুষে বিশেষ কিছুমান মৌলিক নীতিৰে বিশ্ববাসীক পথ প্ৰদৰ্শন কৰিয়েই ক্ষান্ত থকা নাই বৰং সেইবিলাক তেওঁ নিজে জীৱনাৱস্থাত বাস্তৱ ৰূপ দি থৈ গৈছে৷ বৰ্ত্তমান জাতি বা ৰাষ্ট্ৰ নায়কসকলে সেইসমূহ মৌলিক নীতিৰ ওপৰত ভিত্তি কৰি কৰ্মপন্থা অৱলম্বন কৰিলে সমগ্ৰ পৃথিৱীৰ সংস্কাৰ আৰু মঙ্গল সাধন হ’ব পাৰে৷ 

হজৰত মোহাম্মদ [ছঃ]ৰ কৰ্মসূচী


এই কথা মানৱ সমাজত সুবিদিত যে, যি দল বা সম্প্ৰদায় পৃথিৱীত আদিম কালৰ পৰা আল্লাহভীৰুতা আৰু উৎকৃষ্ট চৰিত্ৰ গঠনৰ শিক্ষা দিবৰ কাৰণে মনোনীত হৈছিল, আৰবৰ নবী মোহাম্মদ [ছঃ]ও সেই দলভুক্ত আছিল৷ আল্লাহৰ আনুগত্য আৰু সু-চৰিত্ৰ গঠনৰ দীক্ষা আবহমান কালৰ পৰাই পৃথিৱীৰ নবীসকলে যুগ যুগ ধৰি দি আহিছে৷ হজৰত মোহম্মদ [ছঃ] এও তাকেই কৰিছিল৷ তেওঁ নতুন কোনো আল্লাহৰ সন্ধান দিয়া নাই বা এনে কোনো বেলেগ চৰিত্ৰ গঠনৰ শিক্ষা দান কৰা নাই, যি আগৰ নবীসকলৰ শিক্ষাতকৈ বেলেগ আছিল৷ এতিয়া প্ৰশ্ন হৈছে যে, হজৰত মোহাম্মদ [ছঃ]ৰ প্ৰকৃত কৰ্মসূচী কি আছিল, যাৰ বাবে তেওঁক মানৱতাৰ ইতিহাসত এখন গুৰুত্বপূৰ্ণ আসন দিয়া হৈছে৷ 
এই প্ৰশ্নৰ সংক্ষিপ্ত উত্তৰ এই যে, নবী কৰীম [ছঃ]ৰ আগতেও আল্লাহৰ অস্তিত্ব আৰু একত্ব সম্বন্ধে মানৱ জাতিৰ জ্ঞান আছিল৷ কিন্তু এই দাৰ্শনিক তত্ত্বৰ লগত মানৱ চৰিত্ৰৰ কি অবিচ্ছেদ্য সম্পৰ্ক আছিল তাক তেওঁলোকে ভালকৈ উপলব্ধি কৰিব পৰা নাছিল৷ যদিও আগৰ নবীসকলে চৰিত্ৰৰ শ্ৰেষ্ঠ মূলনীতিৰ কথা জানিছিল, তথাপি তেওঁলোকে সেই মূলনীতিবোৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত কেনেকৈ ৰূপায়িত কৰিব লাগে তাক নাজানিছিল৷ আল্লাহৰ ওপৰত ঈমান, চাৰিত্ৰিক বা নৈতিক মূলনীতি আৰু বাস্তৱ জীৱন প্ৰণালী এই তিনিটা স্বতন্ত্ৰ বিষয় আছিল, যাৰ মাজত কোনো যুক্তি-তৰ্কৰ সূত্ৰ, কোনো গভীৰ সম্বন্ধ বা ফলপ্ৰসূ সংযোগ নাছিল৷ একমাত্ৰ হজৰত মোহাম্মদ [ছঃ]এ এই তিনিওটা বিষয়কে একাকাৰ কৰি জীৱন ব্যৱস্থাৰ সৈতে সন্নিবিষ্ট কৰিছিল৷ 
তেওঁ এনে শিক্ষা দান কৰিছিল যে, আল্লাহৰ ওপৰত ঈমান কেৱল এটা দাৰ্শনিক তত্ত্বৰ স্বীকৃতি নহয়৷ বৰং ই স্বাভাৱিকতেই বিশেষ নৈতিক চৰিত্ৰৰ দাবী কৰে৷ উক্ত চৰিত্ৰৰ পৰিপূৰ্ণ অভিব্যক্তি হ’ব লাগে বাস্তৱ জীৱনৰ চাল-চলনত, আচাৰ-আচৰণত আৰু ফেচন-কায়দাত৷ ঈমান এটা বীজৰ সমতুল্য৷ মানৱৰ অন্তঃকৰণত ই বিস্তাৰ লাভ কৰে আৰু পিছত বাস্তৱ জীৱনত এজোপা বিৰাট বৃক্ষৰ ৰূপ লয়৷ এই বৃক্ষৰ মূল আৰু কাণ্ডৰ পৰা আৰম্ভ কৰি তাৰ শাখা-প্ৰশাখা আৰু ডাল-পাত বিলাকত নৈতিক চৰিত্ৰৰ ৰস সঞ্চাৰিত হৈ তাৰ প্ৰভাৱ বিস্তাৰ কৰে৷ সেই চৰিত্ৰ বৃক্ষৰ লতাবিলাক বীজৰ সূক্ষ্ম সূত্ৰৰ পৰাই উদ্ভৱ হয়৷ আমৰ গুটি ৰুই নেমু গছৰ আশা পোষণ কৰা যেনে অবাস্তৱ, তেনেকৈয়ে কাৰোবাৰ অন্তঃকৰণত আল্লাহ পৰস্তিৰ বীজ ৰোপণ কৰি তাৰ পৰা এক জড় জীৱন ব্যৱস্থা উম্মেষ হ’ব আৰু তাৰ ধমনীত চৰিত্ৰহীনতাৰ প্ৰবৃত্তি-প্ৰৰোচনা জাগ্ৰত হ’ব এইটো কেতিয়াও নহয়৷ আল্লাহভীৰুতাৰ পৰা উদ্ভৱ হোৱা চৰিত্ৰ সম্পূৰ্ণ বিপৰীতমুখী৷ জীৱনৰ এনেকুৱা দৃষ্টিভঙ্গীৰ স্বতন্ত্ৰ স্বৰূপ আছে আৰু ই পৃথক চৰিত্ৰ গঠনত প্ৰবৃত্ত হয়৷ আকৌ যি চৰিত্ৰ আল্লাহভীৰুতাৰ পৰা উদ্ভৱ হয়, সি কেৱল এদল নিষ্ঠাবান ধৰ্মভীৰু লোকৰ বাবে সংৰক্ষিত নহয় যে, উক্ত চৰিত্ৰৰ বিকাশ মাত্ৰ তেওঁলোকৰ খানকাৰ চতুস¹মা আৰু নিভৃত হুজুৰাখানাৰ মাজতেই হ’ব লাগিব৷ জীৱনৰ প্ৰতি ক্ষেত্ৰতে তেওঁলোকৰ প্ৰয়োগ ব্যাপক ভাৱে হব লাগিব৷ এজন ব্যৱসায়ী যদি আল্লাহ ভক্ত হয়, তেন্তে তেওঁৰ ব্যৱসায়ৰ মাজত আল্লাহভীৰুতাৰ অভাৱ কেতিয়াও পৰিলক্ষিত হ’ব নোৱাৰে৷ কোনো বিচাৰক আল্লাহ ভক্ত হ’লে তেওঁৰ এজলাচ আৰু পুলিচৰ মাজত আল্লাহভীতি থাকিলে তেওঁৰ কৰ্মক্ষেত্ৰত কেতিয়াও ধৰ্মহীনতাই দেখা নিদিয়ে৷ এইদৰে যদি কোনো কওম আল্লাহভীৰু হয়, তেন্তে তেওঁলোকৰ নাগৰিক জীৱনত,  ৰাষ্ট্ৰ পৰিচালনাত, বৈদেিশক নীতিত আৰু তেওঁলোকৰ সন্ধি আৰু যুদ্ধ-বিগ্ৰহাদিত আল্লাহভীৰুতাৰ চৰিত্ৰ প্ৰকাশিত হোৱা একান্ত স্বাভাৱিক৷ নহ’লে আল্লাহৰ ওপৰত ঈমান এক অৰ্থহীন বস্তু হৈ পৰিব৷ 
এতিয়া কথা হৈছে যে, আল্লাহ পৰস্তিয়ে কেনে ধৰণৰ চৰিত্ৰৰ দাবী কৰে? আৰু সেই চৰিত্ৰৰ বিকাশ মানৱৰ বাস্তৱ জীৱনৰ ব্যক্তিগত আৰু সামাজিক ৰীতি-নীতিত কেনেদৰে সম্ভৱ হ’ব পাৰে? ই এটা অত্যন্ত ব্যাপক বিষয়, যাক এই ক্ষুদ্ৰ কিতাপখনিত আলোচনা কৰা সম্ভৱ নহয়৷ তথাপি দৃষ্টান্ত স্বৰূপে নবী কৰীম [ছঃ]ৰ কেইটামান উপদেশ বাণীৰ উল্লেখ কৰিছো যাৰ দ্বাৰা বুজিব পৰা যাব যে, সেইবিলাকৰ নিদ্দেৰ্শিত জীৱন ব্যৱস্থাত ঈমান, চৰিত্ৰ আৰু কাৰ্যক্ষেত্ৰত [ৰূপায়ণৰ] সংমিশ্ৰণ কেনেকৈ সম্ভৱ হ’ব পাৰে৷ 

হদীছ


“ঈমানৰ বহু শাখা-প্ৰশাখা আছে৷ তাৰ মাজত সৰ্বশ্ৰেষ্ঠ এই যে, তুমি আল্লাহৰ বাহিৰে আৰু কাকো তোমাৰ মা’বুদ বুলি স্বীকাৰ নকৰিবা৷ ঈমানৰ নিম্নতম শাখা হৈছে, বাটত পথিকৰ কষ্টদায়ক কোনো কাঁইট পৰি থাকিলে সেই কাঁইট তুমি আঁতৰাই পেলোৱা৷ লজ্জাশীলতাও ঈমানৰ এটা শাখা৷ ”
“শৰীৰ আৰু পোছাকৰ পবিত্ৰতাও ঈমানৰ আধা৷ ”
“মু’মিন [বিশ্বাসী] সেইজন, যিজনৰ পৰা আনৰ জান-মালৰ ক্ষয়-ক্ষতিৰ আশংকা নাথাকে৷ ”
“যাৰ মাজত আমানতদাৰিতা নাই তাৰ ঈমান নাই আৰু যি ব্যক্তিয়ে প্ৰতিজ্ঞা ভঙ্গ কৰে, সি ধৰ্মহীন৷ ”
“যদি পুণ্যৰ কামত তোমাৰ আত্মতৃপ্তি আৰু পাপ কামত অনুশোচনা হয়, তেন্তে তুমি এজন মু’মিন৷ ”
“ধৈৰ্যশীলতা আৰু উদাৰতাৰ নাম ঈমান৷ ”
‘সৰ্বোৎকৃষ্ট ঈমানৰ পৰিচয় এই যে, তোমাৰ বন্ধুত্ব আৰু শত্ৰুতা আল্লাহৰ সন্তুষ্টি বিধানৰ কাৰণে হ’ব; তোমাৰ ৰচনাত আল্লাহৰ জিকিৰ জাৰি থাকিব; নিজৰ কাৰণে যি গ্ৰহণীয় বুলি ভাবা আনৰ কাৰণেও তাকেই ভাবিবা আৰু নিজৰ কাৰণে যি অভিপ্ৰেত বুলি ভাবিবা, আনৰ কাৰণেও তাকেই ভাবিবা৷ ’
“তোমালোকৰ মাজত পৰিপূৰ্ণ ঈমানদাৰ সেইজন ব্যক্তি যিজনৰ চৰিত্ৰ সৰ্বোৎকৃষ্ট আৰু যিজন ব্যক্তিয়ে নিজৰ পৰিয়ালৰ লগত সকলোতকৈ ভাল ব্যৱহাৰ কৰে৷ ”
“যি ব্যক্তিয়ে আল্লাহ আৰু পৰকালৰ ওপৰত বিশ্বাস ৰাখে তেওঁৰ উচিত অতিথিৰ সন্মান ৰক্ষা কৰা আৰু প্ৰতিবেশীক কষ্ট নিদিয়া৷ হয় তেওঁ উত্তম কথা ক’ব, নহ’লে মৌনতা অৱলম্বন কৰিব৷ ”
“মু’মিন ব্যক্তি কেতিয়াও বিদ্ৰূপকাৰী, অভিশাপকাৰী, অশ্লীলভাষী আৰু প্ৰগল্‌ভ হ’ব নোৱাৰে৷ ”
“এজন মু’মিন নানা ধৰণৰ হ’ব পাৰে, কিন্তু আত্মসাৎকাৰী আৰু অসত্যবাদী হ’ব নোৱাৰে৷ ”
‘আল্লাহৰ শপত, সেইজন ব্যক্তি মু’মিন নহয়, আল্লাহৰ শপত, সেইজন ব্যক্তি মু’মিন নহয়, আল্লাহৰ শপত, সেইজন ব্যক্তি মু’মিন নহয়, যাৰ দৌৰাত্ম্যত তেওঁৰ প্ৰতিবেশী শান্তিত থাকিব নোৱাৰে৷ ’
‘যদি কোনোবাই পৰিতৃপ্তিৰে ভোজন কৰে আৰু তেওঁৰ প্ৰতিবেশী ভোকত থাকে, তেন্তে তেওঁ ঈমানদাৰ হ’ব নোৱাৰে৷ ’
‘ক্ৰোধাগ্নি প্১৮লিত হোৱাৰ পাছত যদি কোনোবাই তাক নুমুৱাই দিয়ে, আল্লাহে তেওঁৰ অন্তৰ ঈমান আৰু আত্মতৃপ্তিৰ দ্বাৰা পৰিপূৰ্ণ কৰি দিয়ে৷ ’
‘জ্ঞাতসাৰে যিজন ব্যক্তিয়ে কোনো অত্যাচাৰীৰ লগত সহযোগিতা কৰে, সি ইছলামৰ পৰা বহিৰ্গত হয়৷ ’
‘যিজন ব্যক্তিয়ে আনক দেখুওৱাৰ কাৰণে নামাজ পঢ়ে তেওঁ শ্বিৰক্‌ কৰে৷ যি ব্যক্তিয়ে আনক দেখুওৱাৰ কাৰণে ৰোজা ৰাখে, তেওঁ শ্বিৰক্‌ কৰে আৰু যি ব্যক্তিয়ে আনক দেখুওৱাৰ কাৰণে দান কৰে, তেেৱাঁ শ্বিৰ্‌ক কৰে৷ ’
‘নিম্নোক্ত চাৰিটা বিষয় যাৰ মাজত পোৱা যাব সি পূৰ্ণ মুনাফিক হব ঃ 
১৷ বিশ্বাস কৰি কোনোবাই তেওঁৰ ওচৰত গচ্ছিত ধন ৰাখিলে তেওঁ যদি আত্মসাৎ কৰে৷ 
২৷ কথোপকথনত মিছা কয়৷ 
৩৷ প্ৰতিজ্ঞা ভঙ্গ কৰে আৰু চ্ছ্ৰ৷ তৰ্কবিতৰ্কত শ্বৰিয়তৰ সীমা অতিক্ৰম কৰে৷ ’
‘প্ৰকৃত মুজাহিদ সেইজন, যিজনে আল্লাহৰ আদেশ পালনৰ কাৰণে নিজ প্ৰবৃত্তিৰ বিৰুদ্ধে জিহাদ কৰে৷ প্ৰকৃত মুজাহিদ সেইজন, যিজনে আল্লাহৰ নিষিদ্ধ কাৰ্যাৱলীৰ পৰা দূৰত থাকে৷ ’
‘তুমি জানো জানা, কিয়ামতৰ দিনা মহিমান্বিত আল্লাহতা’লাৰ আৰছৰ তলত সৰ্বপ্ৰথম কাৰ স্থান হ’ব? ছাহাবায়ে কিৰামে তাৰ উত্তৰত ক’লে, “আল্লাহ আৰু তেওঁৰ ৰছুলৰ এই বিষয়ে অধিক জ্ঞান আছে৷ ” তেতিয়া নবী কৰীম [ছঃ]এ ক’লে, “সেইসকল লোক যিসকলে তেওঁলোকৰ সন্মুখত সত্য-সনাতন ধৰ্ম বা মতাদৰ্শ দাঙি ধৰিলে তাক গ্ৰহণ কৰে, তেওঁলোকৰ ওচৰত কোনো অধিকাৰ দাবী কৰা হলে সৰ্বান্তকৰণে যিসকলে তাক গ্ৰহণ কৰে আৰু যিসকলে আনৰ ক্ষেত্ৰত সেই সিদ্ধান্ত গ্ৰহণ কৰে যি নিজৰ কাৰণেও কৰে৷ ”
‘তোমালোকেছটা বিষয়ৰ নি(য়তা মোক দিয়া, মই তোমালোকক বেহেস্তৰ নি(য়তা দিও- 
১৷ যেতিয়া কথা কবা, তেতিয়া সত্য কথা কবা, 
২৷ প্ৰতিজ্ঞা পূৰ্ণ কৰিবা, 
৩৷ আমানত পৰিশোধ কৰিবা, 
৪৷ ব্যভিচাৰৰ পৰা দূৰত থাকিবা, 
৫৷ অত্যাচাৰৰ পৰা হাত দুখনক সংযত ৰাখিবা৷ ’ 
৬৷ সকলোৰে প্ৰতি উদাৰ মনোভাব পোষণ কৰিব? 
‘প্ৰতাৰক, কৃপণ আৰু যি উপকাৰ কৰি প্ৰচাৰকাৰী হয় সি কেতিয়াও বেহেস্তত প্ৰৱেশ কৰিব নোৱাৰে৷ ’
‘হাৰাম খাদ্যৰ পৰা বদ্ধিৰ্ত মাংস বেহেস্তত প্ৰৱেশ কৰিব নোৱাৰে৷ কাৰণ হাৰাম খাদ্যৰ দ্বাৰা পুষ্ট দেহৰ কাৰণে দোজখেই উপযুক্ত স্থান৷ ’
‘যি লোকে তেওঁৰ দোষযুক্ত পণ্যদ্ৰব্য ক্ৰেতাক বিক্ৰী কৰে, তাৰ ওপৰত আল্লাহৰ ক্ৰোধাগ্নি প্১৮লিত হয় আৰু ফিৰিস্তাসকলে তেওঁৰ ওপৰত সদায় অভিসম্পাত কৰে৷ ’
‘কোনো লোকে যিমান বাৰেই আল্লাহৰ পথত শ্বহীদ হওক আৰু পুনৰজীৱন লাভ কৰি পুনৰবাৰ শ্বহীদ হওক লাগে, যদি তেওঁ ঋণ পৰিশোধ নকৰে, তেওঁ কোনোমতেই বেহেস্তত প্ৰৱেশ কৰিব নোৱাৰে৷ ’
‘যদি কোনো নাৰী-পুৰুষে ষাঠি বছৰ আল্লাহৰ এবাদত কৰাৰ পাছত মৃত্যুৰ সময়ত কোনো অছিয়তৰ দ্বাৰা লোকৰ হক নষ্ট কৰি যায়, তেনেহ’লে উভয়ৰ কাৰণে জাহান্নাম অৱশ্যম্ভাৱী হ’ব৷ ’
‘যি ব্যক্তিয়ে বেয়া আচৰণেৰে তেওঁৰ অধীনস্থ কৰ্মচাৰীৰ ওপৰত কতৃৰ্ত্ব খটুৱায়, তেওঁ বেহেস্ত প্ৰৱেশ কৰিব নোৱাৰে৷ 
‘মই কি তোমালোকক ক’ব লাগিব, ৰোজা, দান-খয়ৰাত আৰু নামাজতকৈ উৎকৃষ্ট কি? সেয়া হৈছে বিবাদৰ সময়ত সন্ধি স্থাপন কৰা৷ পক্ষান্তৰে পাৰস্পৰিক সংঘৰ্ষত কোনো কন্দল সৃষ্টি কৰা এনেকুৱা কাম যে, সি জীৱনৰ যাবতীয় পুণ্য কাৰ্যক বিনষ্ট কৰি পেলায়৷ ’
“আমাৰ উম্মতসকলৰ ভিতৰত প্ৰকৃত নীচ সেইজন, যিজন কিয়ামতৰ দিনা এনেকুৱা অৱস্থাত উপনীত হ’ব যে, তেওঁৰ লগত নামাজ, ৰোজা, জাকাত প্ৰভৃতি সকলোবোৰেই থাকিব, কিন্তু তেওঁ দুনিয়াত যদি কাৰোবাৰ প্ৰতি কটুভাষা প্ৰয়োগ কৰি আহে, কাৰোবাৰ মিছা অপবাদ প্ৰচাৰ কৰি আহে, কাৰোবাৰ ধন আত্মসাৎ কৰি আহে, কাৰোবাৰ ৰক্তপাত কৰি আহে বা কাৰোবাক আঘাত কৰি আহে, তেন্তে সেইজনৰ পুণ্যবিলাক উপৰোক্ত কু-কাৰ্যৰ বাবে কৰ্তন হৈ যাব৷ তেওঁৰ কৃতকৰ্মৰ ঋণ পৰিশোধ নহব৷ তেতিয়া উৎপীড়নকাৰীসকলৰ পাপ কাৰ্য বিলাক তেওঁলোকৰ নিজৰ ওপৰতেই চপাই দিয়া হ’ব, ফলত তেওঁলোকক জাহান্নামত নিক্ষেপ কৰা হ’ব৷ ”
‘পাপৰ সংখ্যা বঢ়াই আত্মতুষ্টি লাভ নকৰিলে কোনোৱেই পাৰলৌকিক নাজাতৰ পৰা বঞ্চিত নহব৷ ”
‘যি ব্যৱসায়ীয়ে মূল্যবৃদ্ধিৰ কাৰণে পণ্যদ্ৰব্য গুদামত জমা কৰি ৰাখে সি অভিশপ্ত৷ ’
‘মূল্যবৃদ্ধি কৰিবৰ কাৰণে যদি কোনোবাই তেওঁৰ পণ্যদ্ৰব্য চল্লিশ দিন গুদামত জমা কৰি ৰাখে, তেন্তে আল্লাহৰ লগত তেওঁৰ আৰু তেওঁৰ লগত আল্লাহৰ সম্পৰ্ক ছিন্ন হৈ যায়৷ ’
‘চল্লিশ দিন পণ্যদ্ৰব্য আৱদ্ধ ৰখাৰ পাছত যদি কোনোবাই সেই পণ্যদ্ৰব্য দান কৰিও দিয়ে, তথাপি তেওঁৰ এই অপৰাধ ক্ষমা কৰা নহয়৷ ’
নবী কৰীম [ছঃ]ৰ অসংখ্য উপদেশ বাণীৰ পৰা দৃষ্টান্ত স্বৰূপে ইয়াত যৎকিঞ্চিত বৰ্ণনা কৰা হ’ল৷ এইবোৰৰ পৰা স্পষ্ট প্ৰতীয়মান হয় যে, হজৰত ৰছুল [ছঃ]এ ঈমানৰ পৰা আখলাক আৰু আখলাকৰ পৰা জীৱনৰ প্ৰতিক্ষেত্ৰত কেনেকুৱা অবিচ্ছেদ্য সম্বন্ধ স্থাপন কৰি গৈছে৷ ইতিহাস পৰ্যালোচনা কৰিলে এই কথা স্পষ্ট প্ৰতীয়মান হ’ব যে, হজৰত ৰছুল [ছঃ]এ এই সকলো নীতিবাক্য কেৱল বাক্যতেই সীমাবদ্ধ ৰখা নাই বৰং বাস্তৱত এখন পূৰ্ণ ৰাষ্ট্ৰৰ শাসন ব্যৱস্থা উক্ত নৈতিক ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত কৰি গৈছে৷ এয়ে আছিল তেওঁৰ কৰ্মসূচী যাৰ ওপৰত ভিত্তি কৰি তেওঁ মানৱৰ সৰ্বশ্ৰেষ্ঠ নেতা আৰু পথ প্ৰদৰ্শক বুলি পৰিগণিত হ’ল৷

মি’ৰাজ


সাধাৰণ বৰ্ণনা মতে ২৭ ৰজবৰ ৰাতি মি’ৰাজ অনুষ্ঠিত হৈছিল৷ হজৰত নবী কৰীম [ছঃ]ৰ জীৱনৰ এক বৈশিষ্ট্য্যপূৰ্ণ আৰু প্ৰসিদ্ধ ঘটনা এই মি’ৰাজ৷ কিন্তু মি’ৰাজৰ ঘটনাটোৱে যিমান প্ৰসিদ্ধি লাভ কৰিছে, ইয়াৰ বৰ্ণনাত সিমানেই কল্পনাৰ ৰঙ দিয়া হৈছে৷ সাধাৰণ মানুহে অলীক ঘটনা শুনিবলৈ ভাল পায়৷ আৰু ইয়াতেই তেওঁলোকে আত্মতৃপ্তি লাভ কৰে৷ এই কাৰণেই মি’ৰাজৰ অন্তৰ্নিহিত তাৎপৰ্য, উদ্দেশ্য, প্ৰয়োজনীয়তা আৰু পৰিণামৰ ফালে তেওঁলোকে মুঠেই লক্ষ্য নাৰাখে৷ ফলত মি’ৰাজৰ আলোচ্য বিষয় এনেকুৱা হৈ পৰিছে যে, মি’ৰাজ সম্পন্ন হৈছিল সশৰীৰে নে আত্মিকভাবে, বোৰাক কেনে ধৰণৰ জীৱ আছিল? নবী কৰীম [ছঃ]এ বেহেস্ত আৰু দোজখৰ কেনেকুৱা অৱস্থা দৰ্শন কৰিছিল, ফিৰিস্তাসকলৰ আকৃতি কেনেকুৱা আছিল ইত্যাদি ইত্যাদি৷ প্ৰকৃতপক্ষে মানৱ ইতিহাসে যে সকলোবোৰ ঘটনা কালৰ গতিত পৰিবৰ্তন কৰিছে, মি’ৰাজো তাৰ ব্যতিক্ৰম নহয়৷ ইয়াৰ প্ৰকৃত গুৰুত্ব বৰ্ণনা বৈচিত্ৰ্যত নহয়, বৰং উদ্দেশ্য আৰু শেষ পৰিণাম ফলৰ মাজত নিহিত আছে৷ 
প্ৰকৃত ঘটনা এই যে, মানৱ অধিকৃত ভূমণ্ডল আল্লাহতা’লাৰ বিশাল সাম্ৰাজ্যৰ এটা অংশ মাত্ৰ৷ পাৰ্থিৱ ৰাষ্ট্ৰসমূহে যেনেকৈ সেইবিলাকৰ অধিকৃত দেশ বিলাকত নিজৰ নিজৰ গভৰ্ণৰ বা শাসনকৰ্তা ৰাখে, ঠিক তেনেকৈয়ে আল্লাহতা’লাইও নবী সকলক এই পৃথিৱীলৈ পঠাইছিল৷ এই নবীসকলক শাসনকৰ্তাসকলৰ লগত ৰিজাব পাৰি৷ কিন্তু এটা দিশত বিৰাট পাৰ্থক্যও আছে৷ পাৰ্থিব শাসনকৰ্তাসকলক কেৱল দেশ শাসনৰ কাৰণেই নিযুক্ত কৰা হয়৷ কিন্তু বিশ্বজগতৰ গৰাকী আল্লাহতা’লাই তেওঁৰ নবীসকলক এই কাৰণে নিযুক্ত কৰে যে, তেওঁলোকে মানৱ জাতিক প্ৰকৃত কৃষ্টি-সভ্যতা, নিখুঁত চৰিত্ৰ, জ্ঞান-বিজ্ঞান আৰু ইয়াৰ প্ৰয়োগ কৰাৰ পদ্ধতিৰ মূলনীতিবোৰৰ শিক্ষা দিব৷ এই মূলনীতিবিলাকে বহু শতাব্দী জুৰি আলোক স্তমভৰ দৰে মানৱ জীৱনৰ ৰাজপথবোৰ আলোকিত কৰি সুস্থ, সৰল আৰু মঙ্গলকৰ জীৱন ব্যৱস্থাৰ সন্ধান দিছে৷ এই ধৰণৰ শাসনকৰ্তাৰ মাজত বিৰাট পাৰ্থক্য থকা সত্ত্বেও এক প্ৰকাৰ সাদৃশ্যও আছে৷ পাৰ্থিৱ ৰাষ্ট্ৰবিলাকে এনেকুৱা এজন মানুহৰ ওপৰত দেশ শাসনৰ গুৰুদায়িত্ব অৰ্পণ কৰে, যি সকলোতকৈ বিশ্বাসভাজন হয়৷ ৰাজ্যৰ আভ্যন্তৰীণ শাসন-ব্যৱস্থা কি ধৰণে আৰু কোন নীতিৰ ভিত্তিত পৰিচালিত হৈছে, তাক ভালকৈ আয়ত্ত কৰাৰ সুযোগ সুবিধা তেওঁলোক দিয়া হয়৷ যিবিলাক গোপনীয় বিষয় আৰু তথ্য (Confidential) জনসাধাৰণৰ মাজত প্ৰচাৰ নকৰে, সেইবিলাকো তেওঁৰ জনা থাকে৷ আল্লাহ তা’লাৰ সাম্ৰাজ্যৰ ব্যৱস্থাও তেনেকুৱাই৷ তেনেকৈয়ে আল্লাহে অতি বিশ্বাসভাজন লোকসকলক পয়গম্বৰৰ পদমৰ্যাদা দিয়ে৷ তেওঁলোক যেতিয়া উক্ত দায়িত্বপূৰ্ণ পদত নিযুক্ত হয় তেতিয়া আল্লাহতা’লাই তেওঁলোকৰ আৰু বিশাল সাম্ৰাজ্যৰ আভ্যন্তৰীণ শাসন ব্যৱস্থাৰ স্বৰূপ তেওঁলোকৰ ওচৰত উদঘাটন কৰে৷ সাধাৰণ মানুহে সৃষ্টি জগতৰ যিবিলাক গোপন ৰহস্য আৰু তথ্য সম্পৰ্কে অজ্ঞাত, সেইবিলাক নবীসকলৰ জ্ঞানৰ পৰিসীমাৰ অন্তৰ্গত৷ 
উদাহৰণ স্বৰূপে কব পাৰি যে, হজৰত ইব্ৰাহীম [আঃ]ক আকাশ মণ্ডল আৰু মালাকুত অৰ্থাৎ আভ্যন্তৰীণ শাসন শৃঙ্খলা প্ৰদৰ্শন কৰা হৈছিল৷ 
আল্লাহতা’লাই কেনেকৈ মৃতকক জীৱিত কৰে, তাকো তেওঁক স্বচক্ষে পৰ্যবেক্ষণৰ সুযোগ দিছিল৷ 
তূৰ পৰ্বতৰ ওপৰত হজৰত মূছা [আঃ]ক আল্লাহ প্ৰদত্ত এক অপূৰ্ব জ্যোতি প্ৰদৰ্শন কৰা হৈছিল৷ আল্লাহৰ ইচ্ছানুযায়ী কেনেকৈ পৃথিৱী পৰিচালিত হৈছে, তাক দৰ্শন কৰি জ্ঞান লাভ কৰিবৰ কাৰণে তেওঁ ব্যক্তি বিশেষ [হজৰত খিজিৰ [আঃ]ৰ লগত কিছুদিন ভ্ৰমণ কৰিব লগা হৈছিল৷ 
আমাৰ নবী হজৰত মোহাম্মদ মুস্তাফা [ছঃ]ৰো এই ধৰণৰ কিছু অভিজ্ঞতা লাভ হৈছিল৷ কেতিয়াবা কেতিয়াবা তেওঁ আল্লাহৰ সান্নিধ্য লাভকাৰী ফিৰিস্তাক দিগ্বলয়ত প্ৰকাশ্যে দেখিবলৈ পাইছিল৷ 
কেতিয়াবা আকৌ সেই ফিৰিস্তা তেওঁৰ ইমান ওচৰত আছিল যে, তেওঁলোকৰ মাজত সামান্য ব্যৱধানো নাছিল৷ আকৌ এটা সময়ত সেই ফিৰিস্তাক তেওঁ ছিদৰাতুল মুন্তাহা অৰ্থাৎ জড়-জগতৰ শেষ উদ্ধৰ্ সীমান্তত দেখিবলৈ পাইছিল আৰু সেই ঠাইত তেওঁ আল্লাহতা’লাৰ মহান নিদৰ্শনসমূহ দৰ্শন কৰিছিল৷ 
এই ধৰণৰ এক প্ৰকাৰ অভিজ্ঞতাই হ’ল মি’ৰাজ৷ কেৱল ভ্ৰমণ আৰু আল্লাহৰ নিদৰ্শনবিলাক পৰিদৰ্শন কৰাই মি’ৰাজ নহয় আৰু ই এনে পৰিস্থিতিত অনুষ্ঠিত হয় যেতিয়া নবীক বিশেষ কোনো কাৰ্যৰ কাৰণে আল্লাহৰ সান্নিধ্য লাভ কৰোৱা হয়৷ যেতিয়া মূছা [আঃ]ক চিনাই উপত্যকাত আহ৩ান কৰি তেওঁক দ্বাদশ ধৰ্মোপদেশ (Twelve Commandments) প্ৰদান কৰা হয়, তেতিয়া সেইটোৱে তেওঁৰ মি’ৰাজ আছিল৷ তদুপৰি মিচৰ যাত্ৰা কৰি ফিৰাউনক তেওঁৰ ৰাষ্ট্ৰ পৰিচালনাত আল্লাহৰ নিদ্দেৰ্শানুযায়ী সংস্কাৰ সাধন কৰিবৰ বাবে আহ৩ান কৰিবলৈও তেওঁ দায়িত্ব লয়৷ এই ধৰণে হজৰত ঈছা [আঃ]ৰ মি’ৰাজৰ ঘটনা সেইটোকেই কোৱা হয়, যেতিয়া তেওঁ গোটেই ৰাতি পৰ্ব্বতৰ ওপৰত কটালে আৰু গোছল কৰি দ্বাদশ ব্যক্তিক ধৰ্ম প্ৰচাৰত নিযুক্ত কৰিলে৷ এই সময়ত তেওঁ এনে এক ধৰ্মোপদেশ দান কৰিলে ‘পৰ্ব্বতৰ ওপৰৰ ধৰ্মোপদেশ’ (Sermon on the mount) নামে অভিহিত৷ এইদৰেই এক বিশেষ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত হজৰত মোহাম্মদ [ছঃ]ক আল্লাহৰ সান্নিধ্যৰ বাবে আহ৩ান কৰা হৈছিল৷ 
ই সেই কালৰ ঘটনা আছিল, যেতিয়া নবী কৰীম [ছঃ]এ তেওঁৰ প্ৰচাৰ কাৰ্যত প্ৰায় বাৰ বছৰ অতিবাহিত কৰিছিল৷ হেজাজৰ অধিকাংশ গোত্ৰত আৰু আবিচিনিয়া দেশত তেওঁৰ আহ৩ান বাণী প্ৰেৰণ হৈছিল৷ তেওঁৰ এই বিপ্লৱী আন্দোলনে প্ৰথম পৰ্যায় অতিক্ৰম কৰি দ্বিতীয় পৰ্যায়ত ভৰি দিছিল৷ দ্বিতীয় পৰ্যায় ইয়াকে কোৱা হৈছে যে, তেতিয়া এনে অৱস্থাৰ সৃষ্টি হৈছিল যে, নবী কৰীম [ছঃ]এ মক্কাৰ প্ৰতিকূল পৰিবেশ পৰিত্যাগ কৰি মদীনালৈ হিজৰত কৰিবলৈ বা গুচি যাবলৈ বাধ্য হৈছিল৷ সেই সময়ত মদীনাত তেওঁৰ অনুকূল পৰিবেশ সৃষ্টি হৈছিল৷ এই দ্বিতীয় পৰ্যায়ত তেওঁৰ কাৰ্য সুদূৰ প্ৰসাৰী হৈছিল৷ হেজাজ আৰু ওচৰৰ আন আন জাতিসমূহৰ সংস্পৰ্শলৈ আহি ইছলামী আন্দোলন এখন ৰাষ্ট্ৰত ৰূপায়িত হ’বলৈ ধৰিছিল৷ এই কাৰণে সৃষ্টি জগতৰ সম্ৰাটে এই গুৰুত্বপূৰ্ণ পৰিস্থিতিত এক নতুন ঘোষণা পত্ৰ (Manifesto) আৰু নতুন উপদেশ দান কৰিবৰ কাৰণে তেওঁৰ ওচৰলৈ হজৰত মোহাম্মদ [ছঃ]ক আহ৩ান জনাইছিল৷ এই আহ৩ানত আল্লাহৰ সান্নিধ্য লাভ কৰাৰ নামেই মি’ৰাজ৷ উদ্ধৰ্ মাৰ্গৰ এই অলৌকিক ভ্ৰমণ হিজৰতৰ প্ৰায় এক বছৰ আগতে সংঘটিত হৈছিল৷ এই ভ্ৰমণৰ আনুষা¸ঙ্গিক ঘটনাৱলী বিভিন্ন হাদীছত বৰ্ণিত হৈছে৷ যেনে- বায়তুল মুকাদ্দাছত উপনীত হোৱাৰ পিছত নামাজ আদায় কৰা, আকাশৰ বিভিন্ন স্তৰ অতিক্ৰম কৰা, আগৰ পয়গাম্বৰসকলৰ লগত মিলিত হোৱা৷ কিন্তু কোৰআন মজীদে আনুষা¸ঙ্গিক বিষয়বোৰ বাদ দি মি’ৰাজৰ প্ৰকৃত উদ্দেশ্যৰ মাজত ইয়াৰ বৰ্ণনা সীমাৱদ্ধ ৰাখিছে৷ সেই বাবে তাত মি’ৰাজৰ অৱস্থা বৰ্ণনা কৰা হোৱা নাই৷ পক্ষান্তৰে যি মহান উদ্দেশ্যৰ বাবে হজৰত মোহাম্মদ [ছঃ] আমন্ত্ৰিত হৈছিল, তাৰেই বিশদ বিৱৰণ লিপিৱদ্ধ কৰা হৈছে৷ কোৰআনৰ সপ্তদশ ছূৰাত ইয়াৰ বিৱৰণ পোৱা যায়৷ ই আকৌ দুই অংশত বিভক্ত৷ 
প্ৰথম অংশত প্ৰথমে, এইদৰে চৰম সকীয়নি (Ultimatum) দিয়া হয় যে, যদি তেওঁলোকৰ দৌৰাত্ম্যত আল্লাহৰ নবী স্বদেশৰ ভূমি ত্যাগ কৰিবলৈ বাধ্য হয়, তেনেহ’লে তেওঁলোকে বেচি সময় মক্কাত থাকিব নোৱাৰিব৷ 
দ্বিতীয়তে আল্লাহৰ নবী যিসকল বণী ঈছৰাইলৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিব লগা হৈছিল, তেওঁলোকৰ প্ৰতি এই ধৰণে সতৰ্কবাণী ঘোষিত হ’ল, “তোমালোকে তোমালোকৰ জাতীয় ইতিহাসত দুবাৰ প্ৰচণ্ড আঘাত পাইছা আৰু এটা সুবৰ্ণ সুযোগও নষ্ট কৰিছা৷ এইবাৰ তোমালোকৰ বাবে তৃতীয় আৰু সৰ্বশেষ সুবৰ্ণ সুযোগ আহিছে৷ ”
দ্বিতীয় অংশত তেওঁক এনে কিছুমান মৌলিক নীতি শিক্ষা দিয়া হ’ল, যাক ভিত্তি কৰি মানৱ সংস্কৃতি আৰু চৰিত্ৰ গঠন হ’ব পাৰে৷ ইয়াত চৈধ্যটা দফা আছিল৷ 
১৷ আনুগত্য, দাসত্ত্ব, স্তুতি একমাত্ৰ আল্লাহতা’লাৰ প্ৰাপ্য৷ তেওঁৰ সাৰ্বভৌম কৰ্তৃত্বত আন কাৰো বিন্দু মাত্ৰাও কোনো অধিকাৰ স্বীকাৰ কৰা নহ’ব৷ 
২৷ তামাদ্দুনিক [সাংস্কৃতিক] বিষয়ত পাৰিবাৰিক ব্যৱস্থাৰ গুৰুত্ব বিবেচনা কৰিব লাগিব৷ সন্তান মাক-বাপেকৰ অনুগত আৰু সেৱক হ’ব লাগিব৷ আত্মীয়-স্বজনৰ মাজত পাৰস্পৰিক সাহায্য-সহানভূতি থাকিব লাগিব৷ 
৩৷ সমাজত যিসকল বিত্তহীন আৰু অসমৰ্থ, বস্তুহাৰা আৰু সাহায্যৰ মুখাপেক্ষী তেওঁলোকক অৱহেলা কৰা নচলিব৷ 
৪৷ অৰ্থৰ অপচয় কৰা নচলিব৷ যিসকলে তেওঁলোকৰ অৰ্থ অসৎ উপায়ে ব্যয় কৰে তেওঁলোক চয়তানৰ সমতুল্য৷ 
৫৷ মানুহে মিতব্যয়িতা অৱলম্বন কৰিব লাগিব, যেন তেওঁৰ বাহুল্য ব্যয়ৰ দ্বাৰা নিজৰ আৰু আনৰ সৰ্বনাশ মাতি নানে আৰু কাৰ্পণ্য কৰি অৰ্থ সঞ্চয় নকৰে৷ 
৬৷ জীৱিকাৰ যি স্বাভাৱিক ব্যৱস্থা আল্লাহতা’আলাই নিৰ্দিষ্ট কৰি দিছে, মানুহে যেন তাত হস্তক্ষেপ নকৰে৷ কাৰণ আল্লাহ তেওঁৰ ব্যৱস্থাপনাৰ পৰিণামদৰ্শিতা সম্পৰ্কে অধিক জ্ঞানবান৷ 
৭৷ সাংসাৰিক অভাৱ-অনাটনৰ আশংকাত সন্তান-সন্ততিৰ হত্যা বা জন্ম-নিয়ন্ত্ৰণ কৰা নচলিব৷ বৰ্তমান সন্তান-সন্ততিৰ জীৱিকাৰ ব্যৱস্থা যি ধৰণে আল্লাহ তা’লাই কৰিছে ভৱিষ্যত বংশধৰসকলৰো জীৱিকাৰ ব্যৱস্থা তেনেকৈয়ে কৰিব৷ 
৮৷ কামৰিপু চৰিতাৰ্থত ব্যভিচাৰ অতি গৰ্হিত কাৰ্য৷ গতিকে কেৱল ব্যভিচাৰৰ পৰা বিৰত থাকিলেই নহ’ব, ইয়াৰ সকলো প্ৰকাৰৰ সম্ভাৱ্য পথ আৰু উপায় উপাদানক ৰুদ্ধ আৰু বিলুপ্ত কৰিব লাগিব৷ 
৯৷ মানুহৰ প্ৰাণহৰণ আল্লাহ তা’লাই নিষিদ্ধ কৰি দিছে৷ গতিকে আল্লাহৰ নিদ্দিৰ্ষ্ট বিধানৰ বাহিৰে অন্য কোনো কাৰণত কাৰো ৰক্তপাত কৰা নচলিব৷ কোনেও আত্মঘাতী বা নৰহত্যাকাৰী হ’ব নোৱাৰিব৷ 
১০৷ এতিমৰ সম্পত্তিৰ ৰক্ষণাবেক্ষণ কৰিব লাগিব৷ যিমান দিনলৈকে সিহঁতে নিজৰ ভৰিত থিয় দিবলৈ নিশিকে তেতিয়ালৈকে সিহঁতৰ ৰক্ষণাবেক্ষণ অব্যাহত ৰাখিব লাগিব৷ 
১১৷ প্ৰতিজ্ঞা আৰু প্ৰতিশ্ৰুতি পূৰ্ণ কৰিব লাগিব৷ সকলো মানুহেই তেওঁৰ প্ৰতিটো প্ৰতিশ্ৰুতিৰ কাৰণে আল্লাহৰ ওচৰত জবাবদিহি কৰিব লাগিব৷ 
১২৷ ব্যৱসায়ত সঠিক ভাবে পৰিমাপ কৰিব লাগিব আৰু নিৰ্ভুল পৰিমাপ যন্ত্ৰ ব্যৱহাৰ কৰিব লাগিব৷ 
১৩৷ তোমাৰ যি বিষয়ত জ্ঞান নাই তাৰ অনুসৰণ নকৰিবা৷ কাৰণ যিমান কৰ্মশক্তি দান কৰা হৈছে, আল্লাহৰ ওচৰত তাৰ পুংখানুপুংখ জবাবদিহি কৰিব লাগিব৷ 
১৪৷ আত্মম্ভৰিতা আৰু অহঙ্কাৰৰ লগত খোজ মিলাই নচলিবা৷ কাৰণ তোমাৰ অহঙ্কাৰে পৃথিৱীক বিদীৰ্ণও কৰিব নোৱাৰে আৰু তুমিও আকাশতকৈ উচ্ছতৰ হ’ব নোৱাৰিবা৷ 
মি’ৰাজত উপৰি উক্ত চৈধ্য দফা হজৰত মোহাম্মদ [ছঃ]ক প্ৰদান কৰা হৈছিল৷ ই কেৱল মাত্ৰ কিছুমান নৈতিক শিক্ষাদানৰ নিমিত্তে প্ৰদত্ত হোৱা নাছিল, বৰং ই এটি কৰ্মসূচী আছিল, যাৰ ওপৰত ভিত্তি কৰি ভৱিষ্যতে আদৰ্শ সমাজ গঠিত হ’ব পাৰে৷ এই সকলো সদুপদেশ এনেকুৱা সময়ত দান কৰা হৈছিল, যেতিয়া মোহাম্মদ [ছঃ]ৰ ইছলামী আন্দোলনে প্ৰচাৰ কাৰ্যৰ পৰ্যায় অতিক্ৰম কৰি এখন ৰাষ্ট্ৰ বা ৰাজনৈতিক ক্ষমতা লাভৰ পৰ্যায়ত উপনীত হৈছিল৷ গতিকে ই এনেকুৱা ‘এটা মেনিফেষ্ট’ আছিল যাৰ মাজত উক্ত মৌলিক নীতিৰ ভিত্তিত এটা তামাদ্দুনিক শাসন ব্যৱস্থা কায়েম কৰিবৰ বাবে নবী [ছঃ]ক নিৰ্দেশ দিয়া হৈছিল৷ সেই কাৰণে মি’ৰাজত এই চৈধ্য দফা নিৰ্দিষ্ট কৰাৰ পাছত আল্লাহ তা’লাই প্ৰত্যেক মুছলমানৰ ওপৰত দৈনিক পাঁচবাৰ নামাজ ফৰজ কৰিলে৷ 
যিসকলে এই কাৰ্যসূচী বাস্তৱত ৰূপায়িত কৰিব, তেওঁলোকৰ মাজত এটা তীব্ৰ নৈতিক অনুপ্ৰেৰণাৰ সঞ্চাৰ হ’ব৷ তেওঁলোক আল্লাহৰ আনুগত্য পালনত অমনোযোগী নহ’ব৷ সদায় তেওঁলোকৰ মনত এই কথাই জাগ্ৰত থাকিব যে, তেওঁলোক নিজৰ ইচ্ছাধীন নহয়, বৰং তেওঁলোকৰ আদেশকৰ্তা প্ৰভু একমাত্ৰ আল্লাহ তা’লা আৰু একমাত্ৰ তেওঁৰেই সন্মুখত তেওঁলোকৰ প্ৰতিটো কাৰ্যৰ হিচাব দিব লাগিব৷ 

No comments:

Powered by Blogger.