Breaking

লকডাউনৰ সময়ত ৰমজান মাহ কেনেদৰে পালন কৰিব


চলিত মাহৰ ২৪ বা ২৫ তাৰিখৰ পৰা পৱিত্ৰ ৰমজান মাহ আৰম্ভ হব । ৰমজান ৰহমতৰ মাহ, বৰকতৰ মাহ,পুণ্যৰ মাহ ,ক্ষমাৰ মাহ,মুক্তি লাভৰ মাহ । এই মাহৰ এবাদত উপাসনা বা নেক কৰ্মৰ পুণ্য অইন মাহৰ তুলনাত অধিক গুণ বেছি পোৱা যায় । এই মাহৰ প্ৰধান এবাদত ৰোজা । এই ৰোজাৰ প্ৰতিদান আল্লাহ তালাই নিজ হাতেৰে দিব বুলি কোৱা হৈছে । এই মাহ কোৰানৰ মাহ । এই মাহতেই কোৰান অৱতীৰ্ণ কৰা হৈছে । সেয়ে এই মাহত অধিক ভাৱে কোৰান তিলাৱত কৰা হয় । 

এই মাহৰ আন এটি অতিৰিক্ত আমল (এবাদত)হৈছে তাৰাবীহ নামাজ । তাৰাবীহ নামাজ জামাতবদ্ধ ভাৱে পঢ়া হয় । অধিকাংশ মছজিদত তাৰাবীহ নামাজত সম্পূৰ্ণ কোৰান শুনা হয় ।যাক খতমে কোৰান কোৱা হয় । 

এই মাহত অধিকাংশ লোকে জাকাত বিতৰণ কৰে । 

ফিৎৰা প্ৰদান কৰাটোও ৰমজান মাহৰ অন্যতম এবাদত বা আমল । দান-দক্ষিণাও এই মাহত বেছি বেছিকৈ কৰা হয় । ধাৰ্মিক মুছলিমসকলে ৰমজান মাহৰ এই প্ৰতিটো এবাদত বা আমল গুৰুত্বসহকাৰে পালন বা আদায় কৰি আহিছে ।কিন্তু আমি সকলোৱে জানো যে এইবাৰ প্ৰাণঘাতী ক'ৰোনা ভাইৰাছে সমগ্র বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰিছে । প্ৰায় সমগ্ৰ বিশ্ব ক'ৰোনাৰ বাবে বন্ধ হৈ পৰিছে । ক'ৰোনাৰ পৰা ৰক্ষা পাবলৈ লকডাউন ঘোষণা কৰা হৈছে । ক'ৰোনাক প্ৰতিৰোধ কৰিবলৈ যিহেতু আজিলৈ কোনো চিকিৎসা নাই সেয়ে আমি ঘৰতেই থাকি ক'ৰোনাৰ পৰা নিজকে সুৰক্ষিত কৰাৰ চেষ্টা কৰিব লাগিব বা কৰা হৈছে ।


গতিকে ৰমজান মাহৰ যিবোৰ ইবাদত ৰোজা, কোৰান তিলাৱত, তাৰাবীহ নামাজ ,জাকাত , ফিৎৰা বিতৰণ এইবোৰ ঘৰৰ পৰাই কৰিব লাগিব বা যিবোৰ সংগঠনে পূৰ্বৰ পৰাই জাকাত সংগ্ৰহ কৰি সঠিক ভাৱে বিতৰণ কৰি আহিছে তেওলোকৰ সৈতে যোগাযোগ কৰি জাকাতৰ ধন দিব লাগিব । এইটো বেছি উত্তম ।

তাৰাবীহ নামাজ মছজিদত জামাতবদ্ধ ভাৱে পঢ়া হৈছিল যদিও এইয়া আমাৰ বাবে বাধ্যতামূলক নহয় । তাৰাবীহ ছুন্নত নামাজ । ঘৰতেও পঢ়িব পাৰি । লকডাউনৰ বাবে যিহেতু ফৰজ নামাজ জামাতত পঢ়াৰ ক্ষেত্ৰতেই ইছলামীক দৃষ্টিত মানা কৰা আছে সেয়ে সেই ক্ষেত্ৰত তাৰাবীহ নামাজ মছজিদলৈ গৈ  জামাতবদ্ধ ভাৱে পঢ়াৰ প্ৰশ্নই আহিব নোৱাৰে ।

সেয়ে লকডাউন চলি থকা সময়ত ঘৰতে থাকি  ৰমজান মাহৰ এবাদত - উপাসনা বেছি বেছি কৰাৰ সংকল্প লব লাগে। কাৰণ ৰমজান মাহত  মুছলমান সকলে অইন মাহতকৈ কাম এনেয়ে কমাই দিয়ে । ঘৰত থাকি বেছি বেছি এবাদত-উপাসনা কৰাৰ চেষ্টা কৰে । অধিক সময় কোৰান পঢ়ি পাৰ কৰাৰ চেষ্টা কৰে । সেয়ে এইবাৰ লকডাউন ফলত আৰু বেছি বেছি পঢ়াৰ সুযোগ আহিছে  । আমি সকলোৱে কোৰান আৰবী তিলাৱতৰ লগতে ইয়াৰ অনুবাদ-ব্যাখ্যা পঢ়াৰ বাবেও চেষ্টা কৰো আহক । 

দান-দক্ষিণা কৰিলে অধিক পুণ্য পোৱা যায় । সেয়ে এই ক্ষেত্ৰতো আমাৰ অধিক পুণ্য অৰ্জনৰ সুযোগ আহিছে । লকডাউন ফলত অধিকাংশ লোক অভাৱ-অনাটনত পৰিছে। সেয়ে আমি ধনবান সকলে বেছি বেছিকৈ এই অভাৱী,দৰিদ্ৰ সকলক দান-বৰঙণি আগবঢ়াই অধিক পুণ্য লাভ কৰাৰ চেষ্টা কৰো আহক। 

জাকাতৰ ধনো হিচাব কৰি উলিয়াই কোৰানৰ ছুৰা তওবাৰ ৬০ নং আয়াতত বৰ্ণিত শিতান সমূহত বিতৰণ কৰো আহক ।

মুঠতে লকডাউনৰ ফলত  ৰমজান মাহৰ কোনো এবাদত উপাসনা কৰাত ব্যাঘাত নজন্মায় । সেয়ে আহক আমি সকলোৱে লকডাউন থকাকালীন ঘৰতেই ৰমজান মাহৰ এবাদত-উপাসনা সমূহ বেছি বেছিকৈ আদায় কৰাৰ চেষ্টা কৰো আৰু আনকো এই ক্ষেত্ৰত উৎসাহিত কৰো । প্ৰয়োজনত বাহিৰত যাব লগা হলেও সামাজিক দূৰত্ব বজাই ৰখাত গুৰুত্ব দিব লাগিব । আল্লাহতালাই আমাক সকলোকে ৰমজান মাহৰ এবাদত- আমল সমূহ সুস্থ শৰীৰে কৰাৰ তৌফিক দিয়াৰ লগতে আল্লাহৰ নৈকট্য লাভ কৰাৰ সক্ষমতা দান কৰক । লগতে ৰমজান মাহৰ ৰহমত- কল্যাণৰ দ্বাৰা মহামাৰী ক'ৰোনা বিশ্বৰ পৰা দূৰ কৰি দিয়ক । আমীন আমীন ।।

--ছফিকুল ইছলাম
সংগঠক, নামনি অসম সংমণ্ডল,
 জামাত ই ইছলামী হিন্দ, উত্তৰ অসম ।
ফোন: ৯৩৬৫৮০৬৬১৫

No comments:

Powered by Blogger.