Breaking

লকডাউনত আবদ্ধ ধুবুৰীৰ পাচজন যুৱকক সহায় দুগৰাকী সমাজ কৰ্মীৰ


সাপ্তাহিক মুজাহিদ: লকডাউনত গুৱাহাটীত আবদ্ধ হৈ পৰা ধুবুৰী জিলাৰ পাচজন শ্ৰমিক যুৱকক বৰপেটা জিলাৰ শিমলাগুৰী আৰক্ষী পহৰা চকীৰ জৰিয়তে যুৱককেইজনৰ  গৃহ ঠাই ধুবুৰীলৈ যোৱাৰ ব্যৱস্থা কৰি দিয়ে দুগৰাকী সমাজসেৱকে । সমাজসেৱক  দুগৰাকী হৈছে জামাত ই ইছলামী হিন্দ  নামনি অসম সংমণ্ডলৰ সংগঠক ছফিকুল ইছলাম আৰু ছাবলাইম একাডেমীৰ প্ৰতিষ্ঠাপক ড:দেৱান নজৰুল কাদিৰ । ছফিকুল ইছলামে জানিব দিয়া  মতে  ধুবুৰীৰ তামাৰহাটৰ যুৱক কেইজনে গুৱাহাটীত কাম কৰিবলৈ গৈছিল । লকডাউনৰ ফলত এমাহ ধৰি গুৱাহাটীত আবদ্ধ হৈ পৰে । টকা পইচা শেষ হোৱাত যুৱককেইজনে যোৱাকালি অৰ্থাৎ ২১ এপ্ৰিলৰ  ৰাতিপুৱা খোজকাঢ়ি ধুবুৰী লৈ বুলি ৰওণা হয় । আজি (২২ এপ্ৰিল)ঠিক ১১ বজাত  যুৱক কেইজনক হাউলীৰ বি এইচ কলেজৰ কাষত ৰাষ্ট্ৰীয় ঘাইপথেৰে পিঠিত গধুৰ ওজনৰ বেগ লৈ খোজকাঢ়ি গৈ থকা প্ৰত্যক্ষ কৰে সমাজসেৱক দুগৰাকীয়ে । যুৱককেইজনক কৰ পৰা আহি আছে, কলৈ যাব ইত্যাদি সোধপোছ  কৰাত সকলো কথা বিৱৰি কয় । যোৱা কালিৰ পৰা ৰাস্তাত কেৱল বিস্কুট-পানী  খাই খাই আহি আছে বুলি কয় । ৰাতি ৰঙিয়া ৰেল ষ্টেচনত থকা বুলিও কয় । পিছত যুৱককেইজনক কাষতে থকা হোটেলত খোৱাৰ ব্যৱস্থা কৰি দিয়ে  । অৱশ্যে হোটেলৰ মালিকে  বিনামূলীয়া কৈ খাবলৈ দিয়ে । পিছত যুৱককেইজনক গন্তব্য স্থানত পৌছাই দিবৰ বাবে জামাত নেতা গৰাকীয়ে  হাউলী আৰক্ষী চকীৰ বিষয়াৰ সৈতে যোগাযোগ কৰে যদিও আৰক্ষী বিষয়া গৰাকীয়ে এই মুহূৰ্তত কোনো সহায় কৰিব পৰা অৱস্থাত নাই বুলি জনায় ।পিছত শিমলাগুৰী আৰক্ষী পহৰা চকীলৈ গৈ সকলো কথা বিৱৰি কোৱাত আৰক্ষী বিষয়া ৰহিজ উদ্দিন দেৱানে ঘটনাৰ গুৰুত্ব প্ৰদান কৰি সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় । 

আৰক্ষীৰ ফালৰ পৰা সমাজসেৱক দুগৰাকীক এখন গাড়ীৰ ব্যৱস্থা কৰিব কয় । সেইমতে ৩২০০ টকাত গাড়ী এখন  ঠিক কৰি যুৱককেইজনক গন্তব্য স্থানলৈ পঠোৱাৰ ব্যৱস্থা কৰে । শিমলাগুৰী আৰক্ষী থানাৰ পৰা এখন পত্ৰ লিখি দিয়ে যাতে ৰাস্তাত কোনো অসুবিধা নহয় । ইপিনে আৰক্ষী বিষয়া ৰহিজ উদ্দিন দেৱানে  যুৱককেইজনক দুপৰীয়াৰ টিফিন খোৱায়। যুৱক কেইজনক সহায় কৰাৰ ক্ষেত্ৰত স্থানীয় সংবাদ কৰ্মী ছফিকুল ইছলাম ,দেৱজিৎ মেচেও সহযোগিতা আগবঢ়ায় বুলি জানিব দিয়ে  । শ্ৰী মানিক বিশ্বাস (২৫), শ্ৰী মণ্টু বিশ্বাস(২৫), শ্ৰী সঞ্জয় কুমাৰ ৰায়(২৬), শ্ৰী শংকৰ ৰায় (২৭) আৰু শ্ৰী বিপ্লৱ মণ্ডল (২৫)নামৰ  যুৱককেইজনে যোৱাৰ সময়ত এই সহায়ৰ বাবে সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে । ইশ্বৰৰ সন্তুষ্টি অৰ্জনৰ বাবে আৰু সামাজিক দায়বদ্ধতা বুলি এই ধৰণৰ মানৱীয় কাম  কৰা বুলি জানিব দিয়ে সমাজসেৱক দুগৰাকীয়ে । তেওলোকৰ এই মানৱীয় সাহায্য বা কৰ্মৰ বাবে সকলোৱে  প্ৰশংসাৰ লগতে সামাজিক মাধ্যমতো এই কামৰ বাবে বিভিন্ন জনৰ শলাগৰ পাত্ৰ হৈছে ।

No comments:

Powered by Blogger.