Breaking

ধুমুহাত বিধ্বস্ত বাঘবৰৰ চৰৰ কৰোণ কাহিনী



বৰপেটা জিলাৰ বাঘবৰৰ যুৱ সাংবাদিক শ্বহিদুল ইছলাম  ভাইয়ে প্ৰস্তুত কৰা Vedio এটা যোৱাকালি (১৮ এপ্ৰিল) ৰাতিপুৱা ৯ বজাত চালো ।  Vedio ত বাঘবৰৰ চৰৰ কেইবাখন গাও ধুমুহাই কেনেদৰে বিধ্বস্ত কৰিছে আৰু লোকসকল কিমান অসহায় হৈ পৰিছে তাৰ কৰোণ দৃশ্য বোৰ দেখিলো । দৃশ্যবোৰ দেখি চকুৰ পানী ধৰি ৰাখিব নোৱাৰিলো । লগে লগে সিদ্ধান্ত ললো নাই আমি লোকসকলৰ ওচৰত গৈ থিয় হবই লাগিব,নহলে আমি আল্লাহৰ ওচৰত জবাবদিহি হব লাগিব । লগে লগে লগে ড: দেৱান নজৰুল কাদিৰ ছাৰক কল কৰিলো আৰু তেওৱো আধা ঘণ্টাৰ
ভিতৰত সাজো হল । আমি দুয়ো হাউলীৰ পৰা ৰাতিপুৱা ১০ বজাত বাঘবৰলৈ ৰওণা হলো । বাঘবৰলৈ গৈ সাংবাদিক বন্ধু শ্বহিদুলৰ ঘৰত চাহপানী খাই  ধুমুহাত বিধ্বস্ত পৰিয়ালৰ মোটামুটি হিচাপ এটা লৈ জৰুৰী খাদ্য হিচাপে চাউল ,দাইল , নিমখ ইত্যাদি কিনি   বাঘবৰ পাহাৰৰ ঘাটত গলো । তাতেই বাঘবৰ থানা । শ্বহিদুল ভাইৰ সহযোগত বাঘবৰ থানাৰ অ'চি ছাৰৰ লগত সাক্ষাৎ এটা কৰি আমাৰ ৰিলিফৰ বিতং কাৰ্যসূচী ব্যক্ত কৰো । তেও বহুত ভাল পালে আৰু চৰলৈ যাবলৈ ডাঙৰ নাও এখনৰ ব্যৱস্থা কৰি দিয়ে । ইয়াৰ বাবে  ছাৰক ধন্যবাদ জনাইছো । নাওখনত আমাৰ খাদ্য সামগ্ৰী ভৰ্তি কৰি ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ৰওণা হও চৰলৈ ।  ওপৰত কলা ডাৱৰ । ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড ঢেও । বিপদৰ ভয়,শংকা মূৰত লৈ আল্লাহৰ ওপৰত ভৰসা কৰি ৰওণা হলো । প্ৰায় এঘণ্টা মূৰত চৰ গৈ  পাও । চৰলৈ গৈ ধুমুহাৰ তাণ্ডৱ নিজ চকুৰে প্ৰত্যক্ষ কৰো লোকসকলৰ অসহায়, কৰোণ অৱস্থা । ৮০% ঘৰেই ধুমুহাত বিধ্বস্ত । বিধ্বস্ত ঘৰৰ ওচৰতে অসহায় হৈ বহি আছে শিশু, মহিলা, বৃদ্ধ লোকসকল ।  ধুমুহাত ঘৰবাৰী বিধ্বস্ত হোৱাৰ লগতে বহুতৰে কাপোৰ কানি ,খাদ্য বস্তু, লাগতিয়াল নথি পত্ৰ সকলো উৰুৱাই লৈ গৈছে । বহুতৰে পিন্ধনত কাপোৰ কানিৰ বাহিৰে আন একো নাই । বৰষুণ আহিলে তেওলোকে কত থাকিব সেই ঠাইখনো নাই । দৰিদ্ৰ, দিন হাজিৰা কৰি খোৱা লোকসকল লকডাউনৰ ফলত কতো যাবও নোৱাৰে ,ইফালে খাবলৈ চাউল নাই আনফালে থাকিবলৈ ঘৰখনো নহোৱা হৈছে । ইয়াতকৈ বিপদ আৰু হব নোৱাৰে । 
  ছফিকুল ইছলাম,সংগঠক, নামনি অসম সংমণ্ডল,জামাত ই ইছলামী হিন্দ উত্তৰ অসম 

আমি যি পাৰো হাতত তুলি দি আল্লাহৰ ওচৰত দোৱা কৰিলো -- হে আল্লাহ তুমি এই অসহায় লোকসকলৰ প্ৰতি দয়া কৰা । এওলোকৰ ওপৰৰ পৰা বিপদ সমুহ দূৰ কৰি জীৱন ধাৰণৰ সু ব্যৱস্থা কৰি দিয়া । 
এইখিনিতে চৰকাৰ, প্ৰশাসন আৰু সমাজৰ ধনবান ব্যক্তি সকলোকো অনুৰোধ কৰিছো এই অসহায় পৰিয়ালৰ ওচৰত থিয় হওক । 
--ছফিকুল ইছলাম
সংগঠনক, নামনি অসম সংমণ্ডল,জামাত ই ইছলামী হিন্দ উত্তৰ অসম ।

No comments:

Powered by Blogger.